চফিউৰ ৰহমান শইকীয়াৰ অনুবাদ গ্ৰন্থ উন্মোচন

চফিউৰ ৰহমান শইকীয়াৰ অনুবাদ গ্ৰন্থ উন্মোচন

ৰঙিলী বাৰ্ত্তাসেৱা-  বিশিষ্ট সাহিত্যিক চফিউৰ ৰহমান শইকীয়াৰ অনুবাদ গ্ৰন্থ খলিল জিব্ৰানৰ কবিতা আৰু খলিল জিব্ৰানৰ গল্প আৰু উপন্যাসিকা  মহানগৰীৰ চানমাৰিস্থিত চৰকাৰী পেন্সনাৰ সন্থাৰ প্ৰেক্ষাগৃহত উন্মোচন কৰা হয়৷বিশিষ্ট লেখক ডা° অঞ্জনজ্যোতি চৌধুৰীৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত খলিল জিব্ৰানৰ কবিতা গ্ৰন্হখনিৰ উন্মোচক প্ৰথিতযশা কবি ৰবীন্দ্ৰ বৰ কয় যে জিব্ৰান এগৰাকী সংবেদনশীল লেবানীজ- আমেৰিকান কবি যিজনৰ সাহিত্য কৃতি পৃথিৱীৰ দিশে দিশে বিকশিত হৈছে৷খলিল জিব্ৰানৰ গল্প আৰু উপন্যাসিকাৰ উন্মোচক বিশিষ্ট সাহিত্যিক তবিউল হুছেইনে কয় যে খলিলৰ প্ৰত্যেকটো গল্পত আছে সমাজলৈ একোটা বিশেষ বাণী৷গ্ৰন্থকাৰ চফিউৰ ৰহমান শইকীয়াই উদ্দেশ্য ব্যাখ্যা কৰে৷নিকুমণি হুছেইনে আঁত ধৰা সভাত সমজুৱাৰ ফালৰ পৰা ববিনা ৰহমান শইকীয়া,অখিল গোস্বামী,ড° ৰোমান শৰ্মা,ড° অসমী গগৈ,শুভব্ৰত শৰ্মা,কিশোৰী মোহন পাঠক,গীতাঞ্জলি বৰা বৰদলৈয়ে ভাষণ দিয়ে৷সৰস্বতী বন্দনা আৰু বৰগীত পৰিৱেশন কৰে মঞ্জু গৌতম আৰু গীতিকা দেৱী কলিতাই৷সভাত বিশিষ্ট লেখক ডা° অঞ্জনজ্যেতি চৌধুৰীয়ে ভাষণ ৰখাৰ উপৰিও দুটি গীত পৰিৱেশন কৰি সকলোকে আপ্লুত কৰে৷শলাগৰ শৰাই আগবঢ়াই গজেন্দ্ৰ নাথ খাউন্দে৷