চতুৰ্থ বৰ্গৰ চাকৰিত দুৰ্নীতিৰ তথ্য ফাদিল

Pc The Janambhumi

চতুৰ্থ বৰ্গৰ চাকৰিত দুৰ্নীতিৰ তথ্য ফাদিল

ৰঙিলী বাৰ্ত্তাসেৱা-  পৰীক্ষাৰ কেলেংকাৰীৰ সন্দৰ্ভত সামাজিক মাধ্যমত ইটোৰ পাছত সিটো অভিযোগ উত্থাপন হোৱাৰ পাছত তেনে অভিযোগকাৰীকে গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে সেই অভিযোগবোৰ মিছা প্ৰতিপন্ন কৰিবলৈ চেষ্টা চলাইছে।এটা অভিযোগ ঢাকি ৰাখিবলৈ আৰক্ষীয়ে বিচাৰিলেও আন বহু অভিযোগ উঠিয়েই আছে।অসম চৰকাৰৰ নিযুক্তি পৰীক্ষাৰ কেলেংকাৰীৰ সন্দৰ্ভত উঠা অভিযোগ আৰু প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে পুনৰ পোহৰলৈ আহিছে আন এক চাঞ্চল্যকৰ ঘটনা।লখিমপুুৰ মেডিকেল কলেজৰ চতুৰ্থ বৰ্গৰ নিযুক্তি প্ৰক্ৰিয়াত বিসংগতি।নিযুক্তি পৰীক্ষাত উত্তীৰ্ণ হ’ল উকা বহী জমা দিয়া পৰীক্ষাৰ্থী।ভিক্টৰ,জয়াৰ পাছত এইবাৰ ৰূপহীহাটৰ এজন এজন বিশেষভাৱে সক্ষম যুৱকৰ ফেচবুক প’ষ্টত ভয়ংকৰ তথ্য।লখিমপুুৰ মেডিকেল কলেজৰ চতুৰ্থ বৰ্গৰ নিযুক্তিৰ ফলাফল ঘোষণা হোৱাৰ পিছতে কেতবোৰ বিস্ফোৰক অভিযোগ পৰীক্ষাত অৱতীৰ্ণ প্ৰাৰ্থী ৰূপহীহাটৰ আমিনুল হকৰ।নিযুক্তিৰ ফলাফল ঘোষণা হোৱাৰ পিছতে পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ পিছতেই আমিনুল হকে তেওঁৰ ফেচবুক একাউণ্টৰ জৰিয়তে লিখিছে ,”চৰকাৰী চাকৰিৰ নামত দুৰ্নীতি কাক কয় আজিহে বুজিলো। কিয়নো যোৱা কালি দিয়া ৰিজাল্টত যিজনে উত্তৰ বহী উকা জমা দিলে তাৰ ৰোল নং চিলেকচনত উঠিছে।পৰীক্ষাৰ দিনাই মই আপডেট দিছিলো।ৰোল নং-১২৬৯০০৪২ নামটো অমিত নে কিবা আছিল টাইটেল পাহৰিলো। ধেমাজি পাবলিক স্কুলত পৰীক্ষা দিয়া সকলো পৰীক্ষাৰ্থীক আৰু পৰীক্ষকক মাতি সুধিলেই গম পাব পৰীক্ষাৰ দিনা কি হৈছিল।মোৰ আগৰ বেঞ্চত বহি থকা পৰীক্ষাৰ্থী জনে যেতিয়া OMR Sheetখন জমা দিব বিচাৰে তেতিয়া বাইদেউ এজনীয়ে মাত লগায় উকা বহী জমা নলও। তেতিয়া লগে লগে মই পিছফালৰ পৰা থিয় হৈ মাত লগাও আৰু সকলো পৰীক্ষক আৰু পৰীক্ষাৰ্থী একগোট হৈ জবৰদস্তি ৫/১০ টা মান উত্তৰ লিখিবলৈ বাধ্য কৰা হয়। লগতে তাত থকা ফটো পৰীক্ষকে ব্যক্তি জনৰ লাইভ ভিডিঅ’ৰ লগতে ফটো আধাৰ কাৰ্ডৰ ফটো তুলি ৰাখে।ওলাই আহোতে কৈ আহিছিলো পৰীক্ষকসকলক ৰোল নং লিখি ৰাখিছো ৰিজাল্ট দিয়াৰ পিছত চাম। আজি তাৰ ৰিজাল্ট শ্বীট আৰু ৫ মাহ আগত দিয়া মোৰ আপডেট আগবঢ়ালো।যেতিয়ালৈকে চাকৰিৰ নামত দুৰ্নীতি হ’ব সিমান দিন যোগ্য জনে চাকৰি নাপায়।’