চকুলো দুধাৰি- পদ্ম শঙ্কৰ চৌধুৰী

চকুলো দুধাৰি

সৌৱা ছোৱালীজাকৰ মাজত কোন সেইজনী

নহয় নে তাই নীলাঞ্জনা জনী

নাই নাই নহয় কেতিয়াও

তাই বুলি কেনেকৈ বিশ্বাস যাওঁ?

নাই নাই হ’বই নোৱাৰে।

কেনেকৈ তাই হ’ব পাৰে?

আমাৰ ইহঁতৰ লগতো তাইৰ চিনাকি নাই

তেন্তে কোন বাৰু তাই?

কাষলৈ যাবলৈও চোন ভাল লগা নাই

তেন্তে কেনেকৈ জানোঁ কোন তাই?

কলেজত পঢ়া সমযৰ কথা

পাহৰি যাব জানো এতিয়া?

আভিজ্যাতৰ মাজত তাই লালিতা-পালিতা

অতি আদৰৰ পিতৃ-মাতৃৰ তাই দুহিতা

আহিব নে গাঁৱৰ বোকা পানী খুচিবলৈ?

তেন্তে জানোঁ বাৰু কেনেকৈ?

এতিয়া কাকনো সুধোঁ গৈ ?

খোজ-কাটল চোন তাইৰ দৰেই,

বিশ্বাস কৰিব পৰা নাই,

এয়া সপোন নে দিঠক কেনেকৈ সঞ্জাত হওঁ মই,

নিজৰ চকুযুৰিক বিশ্বাস কৰিব পৰা নাই মই।

নাই যাহওক সুধিব লাগিবই,

মোক চিনি পাব জানো তাই।

নিচিনিলে চিনাকি দিম মই

কিয় নাপাব হা,

কিমান দিননো হ’ল তাইক এৰি অহা।

তাইতো নাজানে এইখন আমাৰ গাঁও বুলি।

তাই কলেজৰ কথাবোৰ যাব জানো পাহৰি?

আমাৰ প্ৰেম কোনো শক্তিয়ে নোৱাৰে চিঙিব

সেই প্ৰেম স্পন্দন মনৰ পৰা নাই পাহৰি যাব।

দুৰু দুৰু কৈ কাষ চাপি গলোঁ,

কেতিয়া কাষ পালোঁ গমেই নাপালোঁ।

হয় তাই নীলঞ্জনাই

কপালত ৰঙা ফোটি ৰঙাকৈ ৰাখিছে জিলিকাই

মোক দেখি তাই উচপ খাই উঠিছে

লগে লগে মোৰ নিবন্ধৰ পৰা চকু আতৰাই নিছে।

নী—-কৈ আৰু ক’ব নোৱাৰিলোঁ

গলত কিহবাই চেপা ধৰিলে

মই চাৰিফালে শূন্যবোৰ নাচা দেখিছোঁ

নিজকে বিশ্বাস কৰিব নোৱাৰা হৈ পৰিছোঁ

কেতিয়া মোৰ পৰা তাই আতঁৰি গ’ল

গমেই নাপালোঁ।

বিমৰ্ষ হৃদয়খনি লৈ ঘৰমুৱা হলোঁ

বিছনাত গাড়ুটো লৈ তাইৰ কথাকে ভাবিলোঁ

তাইৰ কেতিয়া বিয়া মই চোন গমেই নাপালোঁ

মনক প্ৰবোধিলো তাইৰ সুখেই কাম্য নহয় নে মোৰ

ঈশ্বৰে যাতে তাইৰ যুগ্ম জীৱনটো কৰে সুখকৰ।

অজানিতে গালেদি বৈ আহিল চকুলো দুধাৰি।

তাই দিয়া ৰুমালখনেৰে মুচিলোঁ চকুলো ধাৰি।

               পদ্ম শঙ্কৰ চৌধুৰী