ঘৰ
সত্যজিৎ গগৈ
চাচনি
এজন খাটি খোৱা মানুহক
ঘৰ এটা বনাবলৈ কি লাগে
খুব সম্ভৱ বাঁহ,বেত,খেৰ
তাৰেই গঢ়ি উঠিব পাৰে
সুখৰ সেউজীয়া ঘৰখন।
সৰু সৰু দুটা কোঠালি
এটা পাকঘৰ,এখন বাৰাণ্ডা,
পাকঘৰৰ এচুকত ভগৱানৰ ফটো
মাটিৰে লেপা বেৰত ওলমি থাকে
ছলমান,শ্বাহৰূখ,আমিৰ,ঋত্বিকৰ
চালেই চকুৰোৱা ডাঙৰ ডাঙৰ ফটো।
এটা কোঠালিত আইৰ যৌতুকৰ
বেতৰ চকী,দুটা মুঢ়া,এখন টেবুল
আনটো কোঠা আমাৰ বাবে হৈ পৰে
জিৰণি চ’ৰা,আড্ডাৰ স্থলী আৰু
জীৱনক শিকাই শিকাই
ভাগৰি শুই পৰা বিশ্বাসৰ বিচনা
এইয়াই প্ৰকৃতিৰ বিনন্দীয়া
বাস্তৱ পৃথিৱীৰ স্বপ্ন ধোৱা ঘৰ।
য’ত সপোনে আহি ওমলি থাকে
মনৰ গোপন কোণত বহি
হেঁপাহবোৰ আৰু আশাবোৰে হাঁহি থাকে
প্ৰাণৰ দুৱাৰ খুলি
তথাপি শিকলিৰে বন্ধা থাকে
আমাৰ দুহাত-দুভৰি।