ঘ’ঘাত সৌৰ শক্তিচালিত বৃহৎ ফেৰী, ‘ভয়েজ এক্সপ্ৰেছ’ৰ কাৰ্যকৰী প্ৰস্তুতিৰ পৰ্যালোচনা কৰে কেন্দ্ৰীয় মন্ত্রী সৰ্বানন্দ সোণোৱালে

Pc News18

ঘ’ঘাত সৌৰ শক্তিচালিত বৃহৎ ফেৰী, ‘ভয়েজ এক্সপ্ৰেছ’ৰ কাৰ্যকৰী প্ৰস্তুতিৰ পৰ্যালোচনা কৰে কেন্দ্ৰীয় মন্ত্রী সৰ্বানন্দ সোণোৱালে

নয়নজ্যোতি তালুকদাৰ,গুৱাহাটী, ৰঙিলী বাৰ্ত্তাসেৱা- সৌৰ শক্তিচালিত বৃহৎ ফেৰী হিচাপে অভিহিত হোৱা ভয়েজ এক্সপ্ৰেছৰ চলিত বাণিজ্যিক পৰীক্ষণৰ পর্যালোচনা কৰিবলৈ কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গুজৰাটৰ ঘ’ঘা টার্মিনেল পৰিদৰ্শন কৰে। ১৩৪ মিটাৰ দীঘল ফেৰীখনে ৬০০ যাত্ৰীৰ সৈতে ৫০ খন ট্রাক, ২৫ খন কম ওজনৰ বাণিজ্যিক ট্রাক, ৭০ খন গাড়ী আৰু ৫০ খন দুচকীয়া বাহন কঢ়িয়াই নিব পাৰিব। সৌৰাষ্ট্ৰ আৰু দক্ষিণ গুজৰাটৰ মাজত চলিবলগীয়া এই নতুন ফেৰী সেৱাই ভ্ৰমণৰ সময় প্রায় ৭০% হ্ৰাস কৰিব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ফেৰীখনৰ সকলো সা- সুবিধা পৰিদৰ্শন কৰে আৰু সংশ্লিষ্ট কর্তৃপক্ষৰ সৈতে ইয়াৰ কাৰ্যকৰী স্থিতিৰ সবিশেষ পর্যালোচনা কৰে। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ অধীনত দীনদয়াল বন্দৰ প্ৰাধিকৰণে ছুৰাটৰ হাজিৰাত এক অত্যাধুনিক আৰু যাত্ৰীৰ বাবে সুচল ৰ’-ৰ’ টার্মিনেল উন্নীত কৰিছে। দক্ষিণ গুজৰাট আৰু সৌৰাষ্ট্ৰৰ মাজত অভ্যন্তৰীণ জলপথ পৰিবহন বিকাশ কৰাৰ ফলত ভ্ৰমণৰ সুবিধা এতিয়া পথ বা ৰে’লপথৰ তুলনাত চুটি, সস্তা আৰু পাৰিপাৰ্শ্বিকভাৱে অনুকূল পৰিবহনৰ মাধ্যমৰ সৈতে বহুগুণে উন্নত হৈছে, যি হৈছে সময়সাপেক্ষ আৰু ব্যয়সন্মত। যোৱা ৪ ছেপ্টেম্বৰৰপৰা বাণিজ্যিক চলাচলৰ পৰীক্ষণ চলি থকা ফেৰীখনত মনোৰঞ্জন ক্ষেত্র, একাধিক কেফেটেৰিয়া আৰু সাগৰ দৰ্শনৰ বাবে আৰামদায়ক কেবিন আছে, যিয়ে যাত্রীসকলক নতুন অভিজ্ঞতা প্ৰদান কৰিব। অতি শীঘ্ৰে ইয়াৰ নিয়মীয়া চলাচল আৰম্ভ হ’ব। এই ভ্ৰমণ সন্দৰ্ভত কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে কয়,”মাননীয় প্রধানমন্ত্রী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ গতিশীল নেতৃত্বত আমাৰ চৰকাৰে দেশৰ জনসাধাৰণ, উদ্যোগ আৰু বাণিজ্যৰ সৰ্বাধিক লাভালাভৰ বাবে উপকূলীয় জলপথ আৰু অভ্যন্তৰীণ জলপথৰ সদ্ব্যৱহাৰৰ কাম কৰি আছে। মোদী ডাঙৰীয়াৰ দৃষ্টিভংগী অনুসৰি, উপকূলীয় পৰিবহন অনুকূল কৰা, অভ্যন্তৰীণ জলপথৰ বিকাশ আৰু দেশৰ বন্দৰসমূহৰ আধুনিকীকৰণৰ বাবে বহুতো নতুন আৰু অভিনৱ পদক্ষেপ লোৱা হৈছে। ইয়াৰ ফলত দেশৰ বন্দৰসমূহত সর্বাধিক কাৰ্গ’ পৰিচালনা আৰু প্ৰক্ৰিয়াকৰণ হৈছে। এই ৰ’ ৰ’ পেক্স ব্যৱস্থাই ব্যয়সাপেক্ষ, পাৰিপাৰ্শ্বিকভাৱে অনুকূল আৰু দক্ষ সেৱা আগবঢ়াই যাত্ৰী আৰু কাৰ্গ’ৰ পৰিবহন উন্নত কৰাত সহায় কৰিছে। এই নতুন পদক্ষেপৰ জৰিয়তে ঘ’ঘা আৰু হাজিৰাৰ জনসাধাৰণ যথেষ্ট উপকৃত হ’ব। আমাৰ চৰকাৰে শীঘ্ৰে মুলদ্বাৰকা আৰু পিপাভাৰ মাজত একেধৰণৰ সেৱা আৰম্ভকৰাৰ বাবে কাম কৰি আছে।” লগতে কেন্দ্রীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, “মাননীয় প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত দেশখনে ‘আত্মনিৰ্ভৰ’ হোৱাৰ লক্ষ্য প্রাপ্ত কৰাৰ দিশত ক্ষিপ্ৰতাৰে আগবাঢ়িছে। এয়া অতি গৌৰৱৰ বিষয় যে, মোদী ডাঙৰীয়াৰ সবল নেতৃত্বত আমাৰ দেশখন বিশ্বৰ পঞ্চম বৃহত্তম অর্থনৈতিক শক্তিধৰ দেশ হিচাপে পৰিগণিত হৈছে। দেশবাসীৰ বাবে এয়া এক বৃহৎ সাফল্য।” “ভাৰতে কণ্টেইনাৰ উৎপাদনত আত্মনিৰ্ভৰ হোৱাৰ পথত দৃঢ়ভাৱে আগবাঢ়িছে, যি আমাৰ লজিষ্টিক খণ্ডক যথেষ্ট সমৃদ্ধ কৰিব।”- গুজৰাটৰ ভাৱনগৰত এটা কণ্টেইনাৰ নিৰ্মাণ গোট পৰিদৰ্শন কৰি সৰ্বানন্দ সোণোৱালে এইদৰে উল্লেখ কৰে। তদুপৰি, সৰ্বানন্দ সোণোৱালে আজি গুজৰাটৰ আলংশ্বিপ ৰিচাইক্লিং য়ার্ডো পৰিদৰ্শন কৰি সামগ্রিক কাম-কাজৰ বুজ লয়।