গ্ৰন্থ অধ্যয়নৰ প্ৰয়োজনীয়তা
নাছিৰ আহমেদ, শিমলাবাৰী, গোৱালপাৰা
মানৱ- সভ্যতাৰ ক্ৰমবিকাশৰ ফলত এসময়ত মানুহে যেতিয়া সমাজ বান্ধি বসবাস আৰম্ভ কৰিছিল, তেতিয়া সমাজৰ দূৰদৰ্শী-সম্পন্ন গুণী-জ্ঞানী সমাজ-সচেতন ব্যক্তিসকলে বা ঋষি-মুনি সকলে সাধনা বা তপস্যাৰ বলত বিশ্বব্ৰহ্মাণ্ডৰ ৰহস্য উদ্ঘাটন কৰি মুখে মুখে সমাজত প্ৰচাৰ কৰিছিল। পৰৱৰ্তী তেওঁলোকৰ মুখৰ পৰা নিসৃত কথাবোৰ বাণী হিচাপে বিভিন্ন ধৰ্মৰ ধৰ্ম-গ্ৰন্থ, শাস্ত্ৰীয় গ্ৰন্থ যেনে বেদ, বেদান্ত দৰ্শন, পুৰাণ কিংবদন্তি, জনশ্ৰুতি আদি লিপিবদ্ধ হৈছিল। অৱশ্যে দ্বিতীয় খৃষ্টাব্দত চীনত কাগজ আৱিষ্কাৰ হোৱাৰ পিছতহে ওপৰোক্ত গ্ৰন্থসমূহ গ্ৰন্থ আকাৰে প্ৰকাশিত হৈছে যদিও গ্ৰন্থসমূহ গ্ৰন্থ আকাৰে প্ৰকাশ কৰোঁতে এটি দীঘলীয়া সময়ৰ প্ৰয়োজন হৈছিল। তাৰোপৰি গ্ৰন্থসমূহ দূৰ্মূল্য আৰু সংৰক্ষিত হোৱাৰ বাবে সাধাৰণ মানুহে এইবোৰ ঢুকি পোৱা নাছিল। অৱশ্যে ধৰ্মগুৰুসকলে ধৰ্মীয় বাণীসমূহ প্ৰচাৰ কৰাৰ বাবে বা ৰজাসকলে নিজৰ প্ৰস্বস্তি প্ৰকাশ কৰিবলৈ পৃথিৱীৰ বিভিন্ন দেশৰ মানুহৰ মাজত বিভিন্ন সাঁচিপাত, তামৰ ফলি, শিলালিপি আদিৰ জৰিয়তে গ্ৰন্থৰ বিকল্প হিচাপে জ্ঞানৰ প্ৰচাৰ চলাইছিল । কিন্তু পঞ্চদশ শতিকাত জাৰ্মানীৰ জোহানছ গুটেনবাৰ্গে ছপাযন্ত্ৰ আৱিষ্কাৰ কৰাৰ লগে লগে গোটেই বিশ্বজুৰি গ্ৰন্থ প্ৰকাশ অতি সহজলভ্য হৈ পৰে। ছপাশালৰ জৰিয়তে অতি কম সময়ৰ ভিতৰতে কম মূল্যত এখন পুথিৰ পাণ্ডুলিপিৰ লাখ লাখ কপি তৈয়াৰ কৰি গোটেই ইউৰোপত প্ৰকাশ, প্ৰসাৰ আৰু প্ৰচাৰ কৰাৰ বাবে চিন্তাশীল লেখক সকলৰ নতুন নতুন চিন্তাধাৰাৰ মাজেৰে স্বতঃস্ফূৰ্ত ভাবে ভাষা -সাহিত্য, কলা-কৃষ্টি- সংস্কৃতি, সামাজিক, অৰ্থনৈতিক, শিক্ষা, বৈজ্ঞানিক পৰীক্ষা -নিৰীক্ষাৰ দ্বাৰা আৱিষ্কাৰ কৰা বিভিন্ন সূত্ৰ , ৰাজনৈতিক সমীকৰণৰ লগতে বিভিন্ন দিশ ফঁহিয়াই দেখুওৱাৰ বাবে ইউৰোপত নৱ- জাগৰণৰ সৃষ্টি হৈছিল । গ্ৰন্থ অধ্যয়নৰ জৰিয়তে আমাৰ ভাৰতবৰ্ষতো জাতীয়তাবাদী ভাৱধাৰা, বিজ্ঞান-সন্মত মানসিকতা, সাহিত্যৰ ক্ষেত্ৰখনত যেনে, ৰোমান্টিচিজম, নৱ্য-ৰোমান্টিচিজম , বাস্তৱবাদী, এবচাৰ্ডধৰ্মী, এপিক ধৰ্মী , কবিতা , চুটিগল্প, অণুগল্প, উপন্যাস, নাটক, প্ৰবন্ধ আদিত সাম্প্ৰতিক যুগৰ ধাৰাৰ নানা পৰীক্ষা -নিৰীক্ষাৰ দ্বাৰা সমৃদ্ধিশালী হৈ আধুনিক ভাৰত গঢ়াত সম্পূৰ্ণ ৰূপে অৰিহণা যোগাইছিল । ডিজিটেল যুগত গোটেই বিশ্বৰ গ্ৰন্থসমূহ ইন্টাৰনেটত প্ৰকাশ কৰাৰ ফলত বৰ্তমান যুগৰ গ্ৰন্থ অধ্যয়নৰ প্ৰতি স্পৃহা থকা পঢ়ুৱৈসকলে সামান্যতম অৰ্থ ব্যয় কৰি কোনো গ্ৰন্থাগাৰত নোযোৱাকৈ ঘৰত বহি গোটেই বিশ্বৰ দেশসমূহৰ বিভিন্ন ধৰণৰ দূৰ্মূল্যৰ গ্ৰন্থ অধ্যয়ন কৰিব পৰা হৈছে। কিন্তু, এতিয়াও গ্ৰন্থ অধ্যয়নৰ প্ৰয়োজনীয়তা সম্বন্ধে বহুতে সম্পূৰ্ণ ৰূপে সচেতন নহয়। গ্ৰন্থ অধ্যয়নৰ ফলত হোৱা লাভালাভ সম্পৰ্কে অতি সংক্ষেপে তলত আলোকপাত কৰা হ’ল : গ্ৰন্থ হৈছে সাহিত্য, সংস্কৃতি আৰু সভ্যতাৰ স্বাক্ষৰ-স্বৰূপ। গ্ৰন্থ অধ্যয়নৰ জৰিয়তে বিভিন্ন দেশৰ সমাজ-ব্যৱস্থা, সাহিত্য, সংস্কৃতিৰ বিষয়ে বিতংকৈ জানিব পাৰি। গ্ৰন্থই জগতক নতুন নতুন চিন্তাধাৰাৰ উন্মেষ ঘটাই পুৰণি ভাষা, সাহিত্য, কলা, কৃষ্টি , সংস্কৃতিক যুগৰ লগত সামঞ্জস্যপূৰ্ণ কৰি নৱ্য সাহিত্য কলা কৃষ্টি সংস্কৃতিৰ বিকাশ সাধন কৰে । যাৰ কাৰণে, জ্ঞানহীন ব্যক্তিজনো জ্ঞানৰ জ্যোতিৰে উদ্ভাসিত হৈ পৰে। গ্ৰন্থ অধ্যয়নৰ ফলত এটা জাতিৰ মাজত দেশাত্মবোধ আৰু প্ৰকৃতিপ্ৰেম জাগৰিত হয় । চীন দেশৰ যুক্তিবাদী লেখক লিং উটাঙৰ মতে ” গ্ৰন্থ অধ্যয়ন নকৰা মানুহ অতি তুচ্ছ । তেওঁ সীমিত জ্ঞানেৰে সীমিত জীৱন-যাপন কৰে। গ্ৰন্থ অধ্যয়নে জ্ঞানৰ ভঁৰাল টনকিয়াল কৰে , জীৱন হয় সমৃদ্ধ ; গভীৰৰ পৰা গভীৰতালৈ জীৱনে গতি লাভ কৰি চিৰ সেউজ হৈ পৰে। চাৰ জন হাৰ্ছেলে কৈছিল, পৰিৱৰ্তনশীল জীৱনত অন্তহীন ভাবে ঘটি থকা ঘাত-প্ৰতিঘাতৰ পৰা নিজকে ৰক্ষা পাবলৈ সুখ আৰু আনন্দৰ উৎসৰ একমাত্ৰ মাধ্যম হ’ল গ্ৰন্থ অধ্যয়ন। সৰুৰ পৰাই গ্ৰন্থ অধ্যয়নে জ্ঞানৰ ভঁৰাল টনকিয়াল কৰাৰ ফলত জীৱনৰ বাকীছোৱা কাল উন্নত মানদণ্ডৰ প্ৰবন্ধ-পাতি লিখাৰ কৌশল আয়ত্ত কৰা সম্ভৱ হয়। গ্ৰন্থ হৈছে জীৱনৰ পৰম বন্ধু ; ই সদায় সুখ-শান্তি আৰু তৃপ্তি দান কৰে। আৰু মানুহক নীচ প্ৰবৃত্তিৰ পৰা উত্তৰণ ঘটাই ক্ৰমে উচ্চ প্ৰবৃত্তিৰ পিনে অগ্ৰসৰ কৰাত সহায় কৰে। হোমেন বৰগোহাঞিয়ে কৈছে যে, ” মানুহৰ জীৱনটো হৈছে পোকে খোৱা আমৰ দৰে । মানুহৰ অধিক অংশ আৰু অভিজ্ঞতাই যন্ত্ৰণা-ময়। আমটোৰ সামান্য ভাল অংশই গুটিটোৰ সৈতে পৰম তৃপ্তিৰে চেলেকি খাই সময়ৰ সদ্ব্যৱহাৰ কৰিবলৈ গ্ৰন্থ অধ্যয়ন কৰা উচিত। মুঠতে গ্ৰন্থ অধ্যয়নৰ ফলত নতুন নতুন অভিজ্ঞতা লাভ হয়। পৃথিৱীৰ বিভিন্ন দেশৰ আদৰ্শবান আৰু সৎ কৰ্মত জড়িত বিখ্যাত চিন্তাশীল ব্যক্তিসকলৰ জীৱনলৈ নামি অহা সফলতা আৰু বিফলতাৰ কাহিনী অধ্যয়ন কৰি প্ৰকৃত বাটত আগবাঢ়ি যোৱাৰ প্ৰেৰণা লাভ হয় । অৰ্থাৎ গ্ৰন্থ অধ্যয়নৰ ফলত নতুন নতুন জ্ঞান অৰ্জন হয়। গ্ৰন্থ অধ্যয়নৰ ফলত শাৰীৰিক আৰু মানসিক বিকাশ সাধন হয়। গ্ৰন্থ অধ্যয়নত মনোনিৱেশ কৰা এজন ব্যক্তিৰ এম আৰ আই স্কেন টেষ্ট কৰি দেখা গৈছে যে, গ্ৰন্থ অধ্যয়ন নকৰা ব্যক্তিতকৈ গ্ৰন্থ অধ্যয়ন কৰা ব্যক্তিৰ মগজুৰ কোষৰ যথেষ্ট বিকাশ সাধন হোৱা পৰিলক্ষিত হয়। গ্ৰন্থ অধ্যয়নৰ ফলত মনৰ মাজত থকা সুপ্ত প্ৰতিভাৰ উমান পাই পঢ়ুৱৈয়ে সেই প্ৰতিভাক সঠিক ভাবে প্ৰয়োগ কৰাৰ ফলত অপৰিসীম মানসিক বিকাশ সাধন কৰে।
গ্ৰন্থ অধ্যয়নৰ ফলত কল্পনা শক্তি বৃদ্ধি হয় । চকুৰ আগত উদ্ভাসিত হয় নীলা আকাশত জিলিকি থকা অসংখ্য তৰাৰ জিকিমিকি, সাগৰৰ অতল তলিত বিৰাজমান ৰঙ -বিৰঙৰ মাছ ,কাছ আৰু বিভিন্ন প্ৰাণীৰ অবাধ বিচৰণ, ফল- ফুল গছ-লতা-তৰু-তৃণ, জীৱ-জন্তু, চৰাই-চিৰিকটি, মানুহ-দুনুহৰ স্বৰ্গীয় আভা সকলো পঢ়ুৱৈৰ মন-মানসিকতাত সম্পূৰ্ণ ৰূপে চিত্ৰায়িত হৈ কল্পনা শক্তিৰ সৃষ্টিশীলতাৰ দুৱাৰ উন্মুক্ত হৈ পৰে।
গ্ৰন্থই এজন পঢ়ুৱৈৰ নতুন নতুন বিষয়ৰ ওপৰত লিখাৰ ক্ষমতা বৃদ্ধি কৰে। এষাৰ কথা আছে, ” As you read ,so you learn” এজন ব্যক্তিয়ে যিমানেই অধ্যয়ন কৰে, সিমানেই তেওঁৰ চকুৰ আগত বিশাল জ্ঞানৰ ভাণ্ডাৰ উদ্ভাসিত হয়। গ্ৰন্থ অধ্যয়ন কৰা ব্যক্তিৰ মনত সদৰ্থক জ্ঞানৰ ধাৰণা জাগ্ৰত হয়। তেওঁ পৃথিৱী, সমাজ আৰু মানুহ সম্পৰ্কে নঞৰ্থক ধাৰণা ত্যাগ কৰি সকলোকে আকোঁৱালি লোৱাৰ বহল হৃদয়ৰ অধিকাৰী হৈ পৰে। গ্ৰন্থ অধ্যয়নৰ ফলত এজন পঢ়ুৱৈৰ শব্দৰ বিশাল পৰিসৰৰ লগত পৰিচিত হয়। ইংৰাজী, জাৰ্মানীকে আদি পাশ্চাত্য দেশসমূহ , আৰব ৰাষ্ট্ৰসমূহে, চীন,জাপান কোৰিয়া আদি পৃথিৱীৰ সকলো দেশৰ ভাষা অধ্যয়ন কৰি অসংখ্য শব্দৰ সৈতে পৰিচিত হৈ যি কোনো বিষয়ে সুন্দৰকৈ সজাই পৰাই সুন্দৰভাৱে অংকন কৰিব গ্ৰন্থ অধ্যয়নে কমিউনিকেশ্বন অৰ্থাৎ বিভিন্ন ভাষাৰ সাহিত্যৰ যোগাযোগৰ কৌশল আয়ত্ব কৰে। যাৰ ফলত ,তেওঁলোকৰ লেখাৰ মাজেৰে গোটেই পৃথিৱীৰ জীৱন -পৰিক্ৰমা সুন্দৰকৈ ফুটাই তুলি বিশ্ব সাহিত্যত অৱদান আগবঢ়াবলৈ সমৰ্থ হয়। গ্ৰন্থ অধ্যয়নৰ ফলত মনৰ মাজত থকা বিভিন্ন দ্বন্দ্ব-সংঘাতৰ প্ৰচণ্ড মানসিক চাপ(Mental Stress)হ্ৰাস হৈ এজন মানুহে সু-স্বাস্থ্য অটুট ৰাখি দীৰ্ঘজীৱী হ’ব পাৰে। গ্ৰন্থ অধ্যয়নৰ ফলত বিভিন্ন অভিজ্ঞতা সঞ্চয় কৰি বহু অভিজ্ঞতাৰ অধিকাৰী হ’ব পাৰে। সেয়ে, সকলো সু শিক্ষিত ব্যক্তিয়ে কাগজত লিপিবদ্ধ গ্ৰন্থই হওক বা ইন্টাৰনেটত উপলব্ধ গ্ৰন্থ, বাতৰি কাকত, আলোচনী, স্মৰণিকা আদি অধ্যয়ন কৰি এজন সুৰুচি-সন্মত জীৱন যুদ্ধত জয় লাভ কৰা প্ৰকৃত যোদ্ধা হিচাপে নিজকে সম্পূৰ্ণ ৰূপে সাজু কৰা উচিত।