গ্ৰন্থমেলাত ক্ৰয় কৰা কিতাপ সমূহ পঢ়েনে ?
অসম গ্ৰন্থমেলা বুলি কলে অসম অভিযান্ত্ৰিক খেলপথাৰত এক উৎসৱ মুখৰ পৰিৱেশৰ সৃষ্টি হয়। সকলো বয়সৰ লোকে এবাৰ হলেও গ্ৰন্থমেলাৰ বাকৰিত ভুমুকি মৰিবলৈ চেষ্টা কৰে। কিন্তু ইয়াতে এটা প্ৰশ্নৰ উদয় হয়। গ্ৰন্থমেলালৈ যোৱা প্ৰতিগৰাকী লোকে এখনকৈ হলেও কিতাপ ক্ৰয় কৰেনে ? জনসমাগমৰ অনুপাতে গ্ৰন্থমেলাত কিতাপ বিক্ৰী হয় নে ? হয়তো সংখ্যাৰ ভিত্তিত পৰ্যালোচনা কৰিলে আমি ইয়াৰ অনুপাত ইতিবাচক হিচাপে লাভ কৰিম। কিন্তু ইয়াতকৈও ডাঙৰ প্ৰশ্নটো হল যিসকল লোকে গ্ৰন্থমেলালৈ আহি কিতাপ ক্ৰয় কৰে সেই সকল লোকে ক্ৰয় কৰা কিতাপ সমূহ পঢ়েনে ? গ্ৰন্থমেলাত আমি ফুৰিবলৈ যোৱা বহুতো মানুহ লগ পাওঁ তাৰ পৰিৱৰ্তে বহু মানুহে গ্ৰন্থমেলাত নিজৰ পছন্দ অনুযায়ী কিতাপ ক্ৰয় কৰে। কিতাপ ক্ৰয় কৰা মানুহসকলৰ মাজত কিছুসংখ্যক এনেকুৱা মানুহ থাকে যিয়ে কিতাপখন ক্ৰয় ঠিকে কৰে কিন্তু ঘৰলৈ লৈ যোৱাৰ পিছত কিতাপ খনৰ ভিতৰত কি আছে এবাৰৰ বাবেও খুলি নাচায়। এখন কিতাপ কেৱল ক্ৰয় কৰি ঘৰত সজাই থলে দায়িত্ব শেষ নহয়। কিতাপ এখন ক্ৰয় কৰাৰ পিছত পাঠক হিচাপে কিতাপ খন পঢ়ি কি পালে সেইয়া পৰ্যালোচনা কৰা দৰকাৰ। যদি কিতাপ খনত কিবা ক্ৰুটি নাইবা আসোঁৱাহ আছে সেই কথা প্ৰকাশক অথবা লেখকৰ দৃষ্টিগোচৰ কৰাটো এগৰাকী দায়িত্বশীল পাঠকৰ কৰ্তব্য। এগৰাকী লেখক-লেখিকাৰ যিদৰে এখন কিতাপ লিখিবলৈ হলে বহুতো দায়িত্ব থাকে ঠিক একেদৰে এগৰাকী দায়িত্বশীল পাঠক হিচাপে কিতাপ খন পঢ়াৰ পিছত পাঠক সকলেও নিজৰ মতামত ব্যক্ত কৰিব লাগে। কিতাপ সমূহ ক্ৰয় কৰি ঘৰত সজাই থৈ দিয়াৰ পৰিবৰ্তে যদি আমি কিতাপ সমূহ পঢ়িবলৈ এক অভ্যাস গঢ়ি তুলিব পাৰো তেনেহলে আগন্তক দিনত অসমীয়া ভাষা-সাহিত্যৰ ভৱিষ্যৰ বিষয়ে আলোচনা কৰাৰ পৰিস্থিতি হয়তো নাহিব।
দেবর্ষি গৌতম
বনগাঁও