গ্রামীণ জীৱিকা অভিযানৰ ‘সখী এক্সপ্ৰেছৰ অধীনত সামূহিক কৰ্মীসকলৰ মাজত ৬,৬৭০ খন স্কুটাৰ বিতৰণ মুখ্যমন্ত্ৰীৰ

গ্রামীণ জীৱিকা অভিযানৰ ‘সখী এক্সপ্ৰেছৰ অধীনত সামূহিক কৰ্মীসকলৰ মাজত ৬,৬৭০ খন স্কুটাৰ বিতৰণ মুখ্যমন্ত্ৰীৰ

দিছপুৰ, ৰঙিলী বাৰ্ত্তাসেৱা-  মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তর্জাতিক প্রেক্ষাগৃহত অনুষ্ঠিত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযানৰ অধীনত ৰূপায়িত ‘সখী এক্সপ্ৰেছ’ ২০২১-২২ বিত্তীয় বৰ্ষৰ আঁচনিৰ সৈতে জড়িত সামূহিক কৰ্মীসকলৰ মাজত আজি আনুষ্ঠানিকভাৱে ৬,৬৭০ খন স্কুটাৰ বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। ২০২০-২১ বিত্তীয় বৰ্ষত অসম ৰাজ্যিক গ্রামীণ জীৱিকা আঁচনিৰ জীৱিকা সখী এক্সপ্ৰেছ আঁচনিৰ অধীনত বিতৰণ কৰা স্কুটাৰৰ সংখ্যা ৪,২৩৮ খনকে ধৰি আজি বিতৰণ কৰা স্কুটাৰসমূহৰে সৰ্বমুঠ বিতৰণ কৰা স্কুটাৰৰ সংখ্যা ১০,৯০৮ খনলৈ বৃদ্ধি হয়। আত্মসহায়ক গোটসমূহৰ সংগঠন আৰু সদস্যসকলক সংগঠিত কৰাৰ দিশত সামূহিক কৰ্মী হিচাপে সেৱা আগবঢ়োৱা এই ‘সখী এক্সপ্ৰেছ’ৰ হিতাধিকাৰীসকলৰ মাজত আছে ‘কৃষি সখী’, বীমা সখী’, ‘পশু সখী’, ‘জীৱিকা সখী’ আদি। অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযানৰ অধীনত যিসকলে সখীয়ে স্কুটাৰ লাভ কৰিলে তেওঁলোকৰ ওপৰত আস্থা প্ৰকাশ কৰি কয় যে তেওঁলোকে আত্মসহায়ক গোটসমূহক অর্থনৈতিক দিশত আত্মনিৰ্ভৰশীল হোৱাৰ ক্ষেত্ৰত উদগণি যোগাব লাগিব। মহিলাৰ দ্বাৰা পৰিচালিত আত্মসহায়ক গোটৰ সদস্যসকলে তেওঁলোকৰ প্ৰচেষ্টাত সফলতা লাভ কৰি জনমুৰি মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদনৰ ক্ষেত্ৰত অসমক শীৰ্ষ ৰাজ্যলৈ ৰূপান্তৰিত কৰাৰ দিশত এক বৃহৎ উত্থান হ’ব বুলি আস্থা প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে।সকলো পৰিসৰৰ বাণিজ্যিক উদ্যোগত ঋণ যোগান ধৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই ৰাজ্যৰ আত্মসহায়ক গোটসমূহক বেংক আৰু অন্যান্য বিত্তীয় প্রতিষ্ঠানসমূহৰ ঋণৰ কিস্তি সময়মতে পৰিশোধ কৰাৰ বাবে প্ৰশংসা কৰে। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে অগ্রাধিকাৰ খণ্ডত ঋণ সমূহ সময়মতে পৰিশোধ নকৰিলে আত্মসহায়ক গোটসমূহে ইয়াৰ সম্প্ৰসাৰিত কাৰ্যসূচীত ঋণ প্রাপ্তিৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হ’বলগীয়া হয় । গাখীৰ, কণী, খোৱা তেল, শস্য জাতীয় সামগ্ৰী আদিৰ বাবে অসমে অন্যান্য ৰাজ্যৰ ওপৰত নিৰ্ভৰশীল হ’বলগীয়া বিষয়টোৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে বর্তমান আত্মসহায়ক গোটসমূহে যি প্ৰক্ৰিয়াৰে নিজস্ব কার্যকলাপ চলাই আহিছে সেই দিশত অধিক উৎপাদনমুখী হোৱাৰ বাবে অতি ক্ষুদ্র, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ উৎপাদন গোটলৈ ৰূপান্তৰিত কৰাৰ বাবে প্রচেষ্টা হাতত লোৱা উচিত। ৰাজ্যৰ বাহিৰত আৰু বিদেশত বিক্ৰীৰ বাবে ই-কমার্চ চাইটত পঞ্জীয়ন হোৱা ৰাজ্যখনৰ কেইবাটাও আত্মসহায়ক গোটৰ সামগ্ৰীসমূহৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে একবিংশ শতিকাত প্রযুক্তিগত উন্নতিয়ে আগবঢ়োৱা বিশাল বজাৰৰ বিষয়ে আত্মসহায়ক গোটৰ সদস্যসকলক সজাগ কৰিবলৈ আহ্বান জনায়। অনুষ্ঠানত পৰিয়াল পৰিকল্পনাৰ ওপৰত গুৰুত্ব আৰোপ কৰি মুখ্যমন্ত্ৰীয়ে গ্ৰামাঞ্চলৰ জনসাধাৰণৰ মাজত সৰু পৰিয়ালৰ সুবিধা সন্দৰ্ভত সজাগতা বৃদ্ধিৰ বাবে কাম কৰিবলৈ সখীসকলক আহ্বান জনায় । তেওঁ লগতে কয় যে ডাঙৰ কিন্তু দাৰিদ্ৰতাৰে জুৰুলা পৰিয়ালতকৈ এটা সৰু কিন্তু সুখী পৰিয়ালক সদায় অগ্ৰাধিকাৰ দিয়া উচিত। চৰকাৰে প্ৰদান কৰা বিভিন্ন সুবিধা যেনে ‘অৰুণোদয়’ আদিৰ বাবে চলি থকা আধাৰ সংযোগ প্ৰক্ৰিয়াত চৰকাৰৰ সৈতে সহযোগিতা কৰিবলৈ মুখ্যমন্ত্ৰীয়ে সখীসকলক আহ্বান জনায়। অনুষ্ঠানত ভাষণ প্ৰদান কৰি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা আদি বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযানৰ বিভিন্ন আঁচনিসমূহক সামগ্রিকভাৱে দি অহা নিৰ্দেশনাৰ বাবে পঞ্চায়ত গ্রামোন্নয়ন বিভাগক প্ৰশংসা কৰে। কুটীৰ উদ্যোগৰ জৰিয়তে বছৰি ৩৫ লাখ বাৰ্ষিক লেন-দেন কৰা লখিমপুৰ জিলাৰ এগৰাকী মহিলা উদ্যোগীৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে সখীসকলক স্কুটীসমূহৰ যথোচিত ব্যৱহাৰৰ কৰি গ্ৰাম্য অৰ্থনীতিত বিকাশৰ বাবে মহিলাৰ অংশগ্ৰহণৰ বাবে আহ্বান জনায়। এই অনুষ্ঠানত গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজা, দিছপুৰ বিধানসভা সমষ্টিৰ বিধায়ক অতুল বৰা, অতিৰিক্ত মুখ্য সচিব পৱন কুমাৰ বৰঠাকৰ, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰধান সচিব জে বি এক্কা, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ আয়ুক্ত বিক্ৰম কৈরী, অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযানৰ অভিযান সঞ্চালক কৃষ্ণা বৰুৱা প্ৰমুখ্যে গুৱাহাটীৰ সমীপৱৰ্তী জিলাসমূহৰ সখী সকল উপস্থিত থাকে।