গৌৰৱ গগৈৰ উপস্থিতিত কংগ্ৰেছত যোগদান বিহালীৰ প্ৰাৰ্থী জয়ন্ত বৰাৰ

গৌৰৱ গগৈৰ উপস্থিতিত কংগ্ৰেছত যোগদান বিহালীৰ প্ৰাৰ্থী জয়ন্ত বৰাৰ

ৰঙিলী বাৰ্ত্তাসেৱা- বহু জল্পনা-কল্পনাৰ অন্ত পেলাই কংগ্ৰেছ দলে অৱশেষত ৭৭ নং বিহালী বিধানসভা সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰিলে সদ্য বিজেপিত্যাগী নেতা জয়ন্ত বৰাক। বুধবাৰে নিশা এ আই চি চিয়ে বিহালী সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে জয়ন্ত বৰাৰ নাম ঘোষণা কৰিলে।আৰু আজি গৌৰৱ গগৈৰ উপস্থিতি শোণিতপুৰ জিলা কংগ্ৰেছেৰ ৰাজীৱ ভৱনত আনুষ্ঠানিকভাৱে দলটোত যোগদান কৰে জয়ন্ত বৰাই।লোকসভাৰ বিৰোধী দলৰ উপ-দলপতি তথা সাংসদ গৌৰৱ গগৈৰ উপস্থিতিত বিহালী সমষ্টিৰ কংগ্ৰেছ দলৰ হৈ মনোনীত প্ৰাৰ্থী জয়ন্ত বৰাই আনুষ্ঠানিকভাৱে কংগ্ৰেছৰ সদস্য পদ গ্ৰহণ কৰা পিছতে সাংসদ গৌৰৱ গগৈয়ে কংগ্ৰেছ দলৰ প্ৰাৰ্থী জয়ন্ত বৰাক কাষত বহুৱাই এখন সংবাদমেল আয়োজন কৰে ।লক্ষ্যণীয় ভাৱে জয়ন্ত বৰাৰ কংগ্ৰেছত যোগদানৰ সময়ত বিশ্বনাথ জিলা কংগ্ৰেছৰ কোনো শীৰ্ষ নেতা উপস্থিত নাথিকিল।উপস্থিত থাকিল কেৱল শোণিতপুৰ জিলাৰ কংগ্ৰেছৰ সভাপতি আৰু একাংশ নেতা।