গৌৰী আৰু তাইৰ ভাটৌ চৰাই
অস্মিতা লাহন, গোলাঘাট
“পাপা প্লিজ। মানা নকৰিবা। দাদা জনক মই কৈ থৈ আহিছোঁ।”
“নাই নাই কোনো কাৰণত নহ’ব। উৰণীয়া পক্ষীক কিয় বান্ধি ৰাখিব খুজিছা। উৰিবলৈ হে দিব লাগে।” দেউতাক প্ৰশান্তই গৌৰীক বুজাব পৰা নাই। গৌৰীৰ এটাই জেদ তাই এজনী ভাটৌ চৰাই পুহিবই। আজি পাঁচ দিন মান হ’ল।জীয়েকৰ অদ্ভুদ জেদক দেউতাকে বুজাই সৈমান কৰিব পৰা নাই। এটাই কথা তাইক এটা ভাটৌ লাগে। দেউতাকে ভাটৌ চৰাইক বন্দী কৰিবলৈ নিদো বুলি যিমান বুজাইছে, সিমানেই জীয়েকে ভাটৌ চৰাই পুহিম বুলি দুগুণ জেদ ধৰিছে।
সৌ সিদিনাৰ কথা মাত্ৰ। গৌৰী নিজৰ সহপাঠী ভাস্বতীৰ ঘৰলৈ থকাকৈ ফুৰিবলৈ গৈছিল। ভাস্বতীৰ ঘৰত গৌৰীৰ মূল আকৰ্ষণটো কাঢ়িলে ভাস্বতীৰ মিনু নামৰ ভাটৌ চৰাই জনীয়ে। লোহাৰ সজাত বন্দী কৰি থোৱা ধুনীয়া ভাটৌ চৰাই জনীয়ে গৌৰীৰ মন মোহিত কৰিলে। ভাটৌ জনীৰ মূখৰ পৰা ওলোৱা দুটা মান মাতে গৌৰীৰ মূখমণ্ডলত এটা সন্তুষ্টি দিলে। লগে লগে তায়ো ঠিৰাং কৰিল যে তায়ো এজনী ভাস্বতীৰ দৰে ভাটৌ চৰাই এজনী পুহিব।যিয়ে সদায় গৌৰীক ৰাতিপুৱা হ’লে “good morning” আৰু ৰাতি হ’লে “good night” কৈ সম্ভাষণ জনাব। গৌৰীৰ মনৰ কল্পনা সাগৰত ঠিৰাং কৰিলে কেনেকৈ ভাটৌ জনীক ভাল ভাল কথা শিকাব। আলহী আহিলে ” আহক বহক” সকলোবোৰ শিকাব। এতিয়া কল্পনা বাস্তৱত ৰূপ দিবলৈ এতিয়া মাথোঁ প্ৰয়োজন ভাটৌ এজনীৰ। ভাস্বতীৰ ঘৰৰ পৰা উভতি অহাৰ পিছৰ পৰা দহ বছৰীয়া গৌৰীৰ মাক-দেউতাকৰ আগত এটাই জেদ তাইক এজনী ভাটো পুহিবলৈ দিব লাগে। দেউতাক মান্তি হোৱা নাই। গালিও শুনিছে গৌৰীয়ে। কিন্তু ভাটৌ এজনী লাগে বুলি কথাষাৰ তাই সলনি কৰা নাই। উপায়-নাপায় দেউতাক প্ৰশান্ত মান্তি হ’ল। অৰ্থাৎ ভাটৌ চৰাই পুহিবলৈ অনুমতি দিলে।
” থেংকিউ পাপা। তুমি মোক মাত্ৰ পইচা দিয়া।মই নিজে ভাটৌ চৰাই এজনী কিনি আনিম।”
“তুমি আকৌ ক’ৰ পৰা আনিবা?” প্ৰশান্তই সুধিলে।
” ভাস্বতীয়ে য’ৰ পৰা তাইৰ ভাটৌ জনী আনিছিল, ময়ো তাৰ পৰা আনিম। ভাস্বতীৰ ঘৰৰ ওচৰৰ মানুহ এঘৰৰ পৰা।”
” পইচা আকৌ কিয় লাগে?”
” পাপা তুমি একো নাজানা। মোক ইনেই কষ্ট কৰি ধৰি অনা ভাটৌ জনী দিব নেকি? পইচা দিব লাগিব। ভাস্বতীয়ে এশ টকাত কিনি আনিছিল।” গৌৰীয়ে উত্তৰ দিলে।
” মাজনী আকৌ কও। উৰি থকা পক্ষীক বন্দী কৰি তোমাৰ কি ভাল লাগিব? চৰাই উৰিলেহে ভাল লাগে। বন্দী কৰি থ’ব নাপায় নহয়।” দেউতাকে আকৌ বুজাবলৈ চেষ্টা কৰিল।
দেউতাকে কথা শেষ কৰিবলৈ নাপালেই। গৌৰীয়ে টপৰাই উত্তৰ দিলে,” হ’ব। এমাহ পুহি good morning কোৱাৰ পিছত এৰি দিম। হ’ব নে? আকৌ আৰম্ভ নকৰিবা। মই আনিবলৈ যাওঁ ভাটৌ। বাই।” গৌৰীয়ে নিজৰ চাইকেল খন লৈ ভাস্বতীৰ ঘৰলৈ গুচি গ’ল।
দুয়োজনী ওলালগৈ সেই মানুহ ঘৰলৈ। ” দাদা” বুলি চিঞৰি ভিতৰলৈ সোমাই গ’ল। “কেনেকোৱা ভাটৌ লাগে?” এইবুলি কৈ গৰাকী জনে দুইজনীক ভাটৌ দেখুৱাবলৈ ভিতৰৰ কোঠালৈ লৈ গ’ল। বন্ধ কোঠা টোত আছে লোহাৰ সজাত বন্দী সাত-আঠ জনীমান ভাটৌ। একেটা সজাত দুজনীকৈ। তিনি জনী মান ভাটৌ সকলো ফালৰ পৰা বন্ধ কোঠা টোত উৰি আছে। ভাটৌ চৰাই ধৰি আনি তাৰ উৰণীয়া পাখি কাটি আজি এমাহৰ পৰা ভাটৌ বিক্ৰী ব্যৱসায় টো চলাই নিছে গৰাকী জনে।
“কোন জনী লাগে?” গৰাকীয়ে গৌৰীক উদ্দেশ্যি সুধিলে। গৌৰীয়ে চাৰিওফালে চাই সজাত বন্দী ৰঙা ডাঙৰ ঠোঁটৰ ভাটৌ জনীক আঙুলিয়াই ক’লে, ” সৌ জনী।” লগালগ গৰাকীয়ে সজা খুলি ভাটৌ জনী উলিয়াই আনিল।এজনী উৰিব পৰা মুক্ত আকাশৰ বাসিন্দা ভাটৌ। দেখিবলৈ বৰ মৰমলগা। ভাটৌ জনী যাতে উৰি পলাই যাব নোৱাৰে তাৰ বাবে গৰাকীয়ে ভাটৌ জনীৰ লগালগ পাখি অলপ কাটি দিলে। গৌৰীৰ পাখি কাটিবলৈ ইচ্ছা নাছিল যদিও প্ৰতিবাদ নকৰিলে। কিয়নো গৌৰীৰ মনত আছিল ভাটৌ পুহাৰ এটা আকোৰ-গুজ মনোভাৱ। গৰাকীয়ে নিৰ্ধাৰণ কৰা মূল্য অনুসৰি পইচা দি গৌৰী উভতি আহিল ভাটৌ জনীক লৈ ঘৰৰ সদস্য কৰিবলৈ।
গৌৰীৰ আনি থোৱা ধুনীয়া ৰঙ-বিৰঙৰ সজাটোৰ বাসিন্দা হ’ল নতুন ভাটৌ জনী। গৌৰীৰ আজি কিমান আনন্দ। সজাত বন্দী ভাটৌ জনীকে চাই আছে। আজি পঢ়াও নাই। দৃষ্টি নিবদ্ধ হৈ আছে ধুনীয়া ভাটৌ চৰাই জনীৰ ওপৰত। নিজে আলফুলে হাতত লৈ ভাটৌ চৰাই জনীক কল খুৱাই দিছে। ভাস্বতীক সুধি কি কি খোৱাব লাগে তাৰ প্লেনো কৰি লৈছে। ঘৰত পকি হালধীয়া হৈ থকা আমো ঠোঁটত লগাই খুৱাই দিছে। গৌৰী স্কুল গ’লে মাকে কেনেকৈ কি খুৱাব সকলো দিহা দি থৈছে। এতিয়া মাত্ৰ গৌৰীৰ অপেক্ষা চৰাই জনীৰ এষাৰ মাত শুনিবলৈ।
গৌৰীৰ ভাটৌ জনী অনা আজি তিনিদিন পাৰ হ’ল। তাই ঘৰত নথকা অৱস্থাত মাকে যত্ন লৈছে ভাটৌজনীৰ। নিতৌ কল খুৱাই দিয়া গৌৰীৰ লগতে মাকৰো দায়িত্ব। ভাটৌ জনীক হাতত লৈ ঠোঁটত কল লগাই দিয়ে। তাৰেই অলপ চেলেক লয় চৰাইজনীয়ে।
আজি পিছবেলাৰ কথা। গৌৰী স্কুলৰ পৰা উভতি অহা এঘণ্টাই পাৰ হ’ল। ভাটৌ জনীক হাতত লৈ আছিল। হাতত লৈ পদূলিয়ে পদূলিয়ে ঘূৰি আছিল। এবাৰ বাৰিলৈ নিয়ে। এবাৰ পুখুৰীৰ ফালে। হাতত ভাটৌ জনী লৈ ঘূৰাই আছে। যেন তাইৰ সমনীয়া। মাকে ভিতৰৰ পৰা গৌৰীক মাত দিলে। মাকৰ চিঞৰত গৌৰী ভিতৰলৈ আহিল। ভাটৌ জনীক হাতৰ পৰা নমাই মাটিত থৈ ভিতৰলৈ সোমাই গ’ল। ওচৰতে দীঘল দি পৰি থকা গৌৰীৰ ঘৰৰ ডাঙৰ মতা মেকুৰী দুটালৈ তাইৰ চকু নগ’ল। মেকুৰী এটাই সজাত সোমাই থকা ভাটৌ জনীক খোৱাৰ অভিপ্ৰায় মনত লৈয়েই আছিল। আজি কোনে পাই। উৰিব নোৱাৰা মাটিত থকা ভাটৌ জনীক কোনে ৰক্ষা কৰে। পৰিস্থিতিৰ সুযোগ লৈ লগালগ এটা মেকুৰীয়ে কামোৰ দিলে ভাটৌ জনীক। আনটো মেকুৰীয়েও প্ৰতিযোগিতা চলালে কোনে ভাটৌটো খাব পাৰে। পাখি কাটি থোৱা উৰিব নোৱাৰা ভাটৌ জনী মাত্ৰ চট্-ফটাব পাৰিল। নোৱাৰিলে নিজক ৰক্ষা কৰিবলৈ। নিমিষতে ভাটৌ জনীৰ প্ৰাণ পক্ষী উলাই লৰ মাৰিলে। গৌৰীৰ মৰমৰ ভাটৌ জনী হ’ল মেকুৰীৰ আহাৰ। মুক্ত আকাশৰ অধিকাৰী ভাটৌ জনী হ’ল দুটা মেকুৰীৰ ভোজ। মাৰি খাই পেলালে গৌৰীৰ ভাটৌ জনীক। মাথোঁ চিন থাকি গ’ল উৰি উৰি তলত পৰা তাইৰ পাখিৰ অংশ। এটা জীৱ মূহুৰ্ততে নাইকিয়া হ’ল।
ভাটৌ জনীৰ এটা চিঞৰত দৌৰি অহা গৌৰী সাক্ষী হ’ল মাটিত পৰি থকা পাখি বোৰৰ। তাই আহি পোৱাৰ আগতেই ভাটৌ জনী বলি হৈ মৰিল। এতিয়া মাত্ৰ গৌৰীৰ অশ্ৰু নিগৰিছে। উচুপিছে। মৰমৰ ভাটৌ জনী আছিল এতিয়া গৌৰীৰ কাৰণে দুদিনৰ আলহী। কান্দিছে গৌৰী। আৰু নো কি কৰিব। দেউতাকে কেটেপাঃ লৈ খেদি পঠিয়ালে মেকুৰী দুটাক।
” পাপা মোৰ কাৰণে হ’ল।ময়েই তাইক মাটিত থৈ গৈছিলোঁ। মনেই নকৰিলো মই ওচৰত যে বোন্দা দুটা আছিল। সকলো মোৰ দোষ।” গৌৰী শোক শোকাই কান্দিছে।
“চোৱা মাজনী। এতিয়া দোষ কাৰ সেইটো মই বিচাৰ নকৰোঁ। তোমাক মাত্ৰ দুটা মান কথা হে কও। মন দি শুনা। তুমি এজনী মুক্ত আকাশৰ চৰাইৰ পাখি কাটি বন্দী কৰি ৰাখিব খুজিছিলা। সেই চৰাই জনীৰো নিজৰ পৰিয়াল আছিল। এতিয়া তোমাৰ যদি তোমাৰ মা-দেউতাৰ পৰা অৰ্থাৎ আমাৰ পৰা আঁতৰ কৰি চলা-ফিৰা কৰিব নোৱাৰাকৈ সজাত বন্দী কৰি থ’লে কেনেকোৱা লাগিব? নিশ্চয় বেয়া লাগিব। তোমাৰ জানো উৰাৰ অধিকাৰ নাই! এই চৰাই বোৰ হৈছে প্ৰকৃতিৰ বস্তু। ইহঁত হৈছে মুকলি আকাশৰ জীৱ। বন্দীত্বৰ জীৱন চৰাইবোৰৰ কাৰণে নহয়। আকাশৰ চৰাই আকাশত উৰিলেহে ভাল লাগে। প্ৰকৃতিৰ বিৰল সৃষ্টি এই চৰাই বোৰৰ মূল্য জানো নিৰূপণ কৰাৰ অধিকাৰ আছে! আমি মানুহক যেনেকৈ এই পৃথিৱীখন উপভোগ কৰাৰ অধিকাৰ আছে,তেনেকৈ এই চৰাই বোৰৰ বাবেও এই পৃথিৱী খন। আমি জীৱশ্ৰেষ্ঠ মানুহে চৰাই মাৰি বন্দী কৰি পাপ কৰিছোঁ। সৰ্বধনু ৰজাৰ ৰাজ্যত চৰাই নোহোৱাৰ ফলত কেনেকোৱা পৰিস্থিতি হৈছিল কিয় তুমি তোমাৰ পাঠ্য-পুথিত পঢ়া নাই! চৰাই-চিৰিকটি নোহোৱাৰ ফলত সৰ্বধনু ৰজাৰ ৰাজ্যত বৰষুণ নহৈছিল,শস্য নোহোৱা হৈ দুৰ্ভিক্ষ হৈ মানুহৰ কি অৱস্থা হৈছিল মনত আছেনে! এতিয়া যদি আমিও চৰাই মাৰি বা বন্দী কৰি থওঁ আমাৰো সৰ্বধনু ৰজাৰ দৰে অৱস্থা হ’ব। চৰাই উৰিলেহে ভাল লাগে। আকাশত জাক পাতি চৰাই উৰি গ’লে তোমাৰ ভাল নালাগে নে? ভগৱানে ইনেই সৃষ্টি কৰা নাই মানুহৰ লগতে চৰাই-চিৰিকটিক। চৰাই চিৰিকটিক ভাল পাবলৈ শিকা। চৰাই উৰিলেহে ভাল লাগে, সজাত নহয়। উৰিবলৈ দিয়া এই নিৰীহ জীৱ বোৰক।”
” পাপা তুমি ঠিকেই কৈছা। নিজৰ ক্ষন্তেকীয়া সুখৰ কাৰণে মই প্ৰাণ কাঢ়িলো এটা জীৱৰ। এটা ডাঙৰ ভুল কৰিলোঁ। কিন্তু মই এই ভুলৰ পৰা শিক্ষা ল’ম। ভৱিষ্যতে মই কেতিয়াও এনেকোৱা নকৰোঁ। ভাস্বতীৰ ভাটৌ জনীকো মুকলি আকাশত মেলি দিবলৈ বুজাই দিম। দাদা জনৰ ঘৰৰ চৰাই বোৰ মুকলি কৰিবলৈ কম। লাগিলে তেওঁক বিনিময়ত মূল্য দিম।”
গৌৰীৰ এনে কথা শুনি দেউতাকৰ এটা সন্তুষ্টিৰ হাঁহি নিগৰিল। ” এয়াহে মোৰ ছোৱালী।”