গোৱালপাৰীয়া ভাষাৰ অভিধানৰ প্ৰণেতা কাছেমা খাতুনৰ বিয়োগত দেশী জনগোষ্ঠীয় মঞ্চৰ গভীৰ শোক প্ৰকাশ
ৰঙিলী বাৰ্ত্তাসেৱা- ১৯৫১ চনত ধুবুৰী জিলাৰ গৌৰীপুৰ চহৰৰ ওচৰৰে তেলিপাৰা নামৰ এখন অখ্যাত গাওঁত জন্ম গ্ৰহণ কৰা আৰু এক সুদীৰ্ঘকাল সাহিত্যৰ সাধনাত নিজকে উছৰ্গা কৰা কুমাৰী কাছেমা খাতুন ২৫ অক্টোবৰ, ২০২৪ তাৰিখে ৭৩ বছৰ বয়সত বাৰ্ধক্যজনীত কাৰণত ইহলীলা সম্বৰণ কৰে। দেশী জনগোষ্ঠীৰ এগৰাকী অনন্য প্ৰতিভা কাছেমা খাতুন নিজৰ মাতৃভাষা গোৱালপাৰীয়া বা দেশী ভাষাৰ এগৰাকী একনিষ্ঠ সাধক আছিল । ওৰেটো জীৱন গোৱালপাৰীয়া ভাষা-সাহিত্যক লৈয়ে ব্যস্ত থকা এইগৰাকী প্ৰতিভাৱান মহিলা অসমৰ প্ৰথমগৰাকী ব্যক্তি যিয়ে অশেষ কষ্ট কৰি গোৱালপাৰীয়া ভাষাত এখন বৃহৎ কলেবৰৰ অভিধান প্ৰণয়ন কৰিবলৈ সক্ষম হৈছিল । এই কাম সুচাৰুৰূপে সম্পন্ন কৰিবলৈ এগৰাকী মহিলা হৈও অবিভক্ত গোৱালপাৰা জিলাৰ গাৱেঁ-ভূৱেঁ পৰিভ্ৰমণ কৰি বিভিন্ন অঞ্চলত প্ৰচলিত শব্দসমূহ সংগ্ৰহ কৰিছিল । ধুবুৰীৰ ‘গদাধৰ কবি চক্ৰ’ৰ প্ৰতিষ্ঠাপক সম্পাদিকা এইগৰাকী সাহিত্যিকে কেইবাখনো কবিতাপুথি, চুটি গল্প, অভিধান তথা উপন্যাস ৰচনা কৰিছিল। তেখেতৰ শুললিত কণ্ঠৰ কবিতা আবৃতি সভাত উপস্থিত সকলোকে মন্ত্ৰমুগ্ধ কৰিবলৈ সক্ষম হৈছিল। এগৰাকী ৰাষ্ট্ৰপতি পুৰস্কাৰপ্ৰাপ্ত শিক্ষয়িত্ৰী তথা ড• আম্বেদকাৰ বঁটা বিজয়ী কুমাৰী কাছেমা খাতুনৰ সৃষ্টিৰাজিৰ ভিতৰত আছে ‘লবেজান (কাব্য সংকলন), পৃথিৱীৰ দুৱাৰ বিচাৰি(কাব্য সংকলন), তোমাৰ বাবে(কাব্য সংকলন), নিধুৱা পাথাৰ(কাব্য সংকলন:গোৱালপৰীয়া), নির্জন সৈকত(কাব্য সংকলন:বাংলা), অনুভূতি(কাব্য সংকলন), গোৱালপৰীয়া অভিধান, ডেমু(পুস্তিকা:গোৱালপাৰীয়া), জন্ম:যন্ত্রণা:আশা ইত্যাদি (চুটি গল্প) আৰু এক উচ্চমানৰ উপন্যাস ‘ৰূপালী বালিৰ সপোন’।অসমত দেশী ভাষা-সাহিত্যক প্ৰতিষ্ঠা কৰাৰ বাবে অবিৰাম কাম কৰি থকা দেশী জনগোষ্ঠীয় মঞ্চ, অসমৰ কেন্দ্ৰীয় সভাপতি ইছলামূল হক মণ্ডলে প্ৰয়াত কাছেমা খাতুনৰ ৰচনাৱলী জনগোষ্ঠীটোৰ আপুৰুগীয়া সম্পদ বুলি কয় তথা গোৱালপাৰীয়া অভিধানখনক সহায়ক হিচাবে লৈ দেশী ভাষাৰ এখন পূৰ্ণাঙ্গ অভিধান প্ৰণয়নৰ কাম ইতিমধ্যে হাতত লোৱা বুলিও জানিবলৈ দিয়ে। সভাপতি গৰাকীয়ে এক আদৰ্শবান তথা পৰম শ্ৰদ্ধেয় ব্যক্তিত্বৰ বিয়োগ জনগোষ্ঠীটোৰ বাবে এক অপূৰণীয় ক্ষতি বুলি ব্যক্ত কৰে আৰু মাতৃভাষাৰ আজীৱন সাধক সাহিত্যিক গৰাকী দেশীসকলৰ বাবে এক প্ৰেৰণাৰ উৎস বুলি কয়। লগতে সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি গৰাকীয়ে দেশী জনগোষ্ঠীৰ হৈ প্ৰয়াত কাছেমা অশ্ৰুসিক্ত শ্ৰদ্ধান্জলী জ্ঞাপন কৰে৷