গোৱালপাৰাত ইফতাৰ পাৰ্টীত প্ৰচণ্ড মাৰপিট
ৰঙিলী বাৰ্ত্তাসেৱা- গোৱালপাৰা জিলাৰ জলেশ্বৰ সমষ্টিৰ ধুমেৰঘাটত দেওবাৰে এআইইউডিএফ দলৰ উদ্যোগত আয়োজন কৰা হৈছিল পবিত্র ৰমজান মাহৰ ইফতাৰ পাৰ্টী। এই ইফতাৰ পাৰ্টীৰ সময়তে লাগিল তয়াময়া যুঁজ। অভিযোগ মতে, গোৱালপাৰা জিলা কমিটীৰ এআইইউডিএফৰ সাধাৰণ সম্পাদক ছহিদুৰ ৰহমানৰ লগতে কেইবাজনো এআইইউডিএফৰ নেতা–কৰ্মীয়ে জলেশ্বৰ সমষ্টি কমিটীৰ সাধাৰণ সম্পাদক আজিজুল হকৰ লগতে সমষ্টিৰ বিভিন্ন পদবীত থকা সক্ৰিয় কৰ্মীক অৱগত নকৰাকৈ আয়োজন কৰিছিল এই ইফতাৰ পাৰ্টীৰ। জানিব পৰা মতে, পূৰ্বৰ পৰাই জিলা কমিটী আৰু জলেশ্বৰ সমষ্টি কমিটীৰ বিষয়ববীয়াসকলৰ সৈতে চলি আছিল মতবিৰোধ তথা দলীয় কন্দল। যাৰ ফলত আয়োজন কৰা ইফতাৰ পাৰ্টীৰ পূৰ্বেই এআইইউডিএফ দলৰ কৰ্মীৰ মাজত প্ৰচণ্ড মাৰপিটৰ সৃষ্টি হয়।