গোলাঘাট সদৰ কবি সন্মিলনৰ দ্বি-বাৰ্ষিক অধিৱেশন সম্পন্ন

গোলাঘাট সদৰ কবি সন্মিলনৰ দ্বি-বাৰ্ষিক অধিৱেশন সম্পন্ন

মৃগাংক বৰুৱা, গোলাঘাট, ৰঙিলী বাৰ্ত্তাসেৱা- অলপতে সদৌ সদৌ অসম কবি সন্মিলনৰ অন্তৰ্গত গোলাঘাট সদৰ কবি সন্মিলনৰ দ্বিতীয় দ্বি-বাৰ্ষিক সন্মিলনখনি গোলাঘাট পৌৰসভা সভাকক্ষত দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায় । পুৱা সদৌ অসম কবি সন্মিলনৰ প্ৰতিষ্ঠাপক প্ৰয়াত ৰাম গগৈৰ স্মৃতিত বন্তি প্ৰজ্বলন কৰে সদৰ কবি সন্মিলনৰ সভাপতি ড. দীপালী বৰাই । সদৌ অসম কবি সন্মিলনৰ উপ সভাপতি ৰাজুমণি বেজবৰুৱাই। গোলাঘাট জিলা কবি সন্মিলনৰ সভাপতি নৰেন শইকীয়া আৰু গোলাঘাট জিলাৰ প্ৰতিষ্ঠাপক সম্পাদক কৌস্তুভমণি হাজৰিকাৰ উপস্থিতিত কমলাক্ষী দত্তৰ সভাপতিত্বত অনুষ্ঠিত হয় কাৰ্যনিৰ্বাহক সভা,প্ৰতিনিধি সভা আৰু বিষয় বাচনি সভা । সভাত সম্পাদক হেমা চৌধুৰী গগৈয়ে তিনিবছৰীয়া কাৰ্যকালৰ প্ৰতিবেদন পাঠ আৰু হিচাব- নিকাচ দাখিল কৰে । পুৰণা সমিতি ভংগৰ শেষত সদৰ কবি সন্মিলনৰ নতুন সমিতি গঠন হয় । সভাৰ সৰ্বসন্মতিক্ৰমে ৰাজুমণি বেদবৰুৱা , কৌস্তুভমণি হাজৰিকা , নৰেন শইকীয়া , দীপ হেষ্টিংছ বৰি,ৰেখাশ্ৰী সন্দিকৈক উপদেষ্টা আৰু কমলাক্ষী দত্তক সভাপতি , ভোগেশ্বৰী চাংমাই , প্ৰাঞ্জু বৰুৱা আৰু দিগন্ত শইকীয়াক উপ সভাপতি হিচাবে লোৱা হয়। হেমা চৌধুৰী গগৈক সম্পাদক , মৃগাংক বৰুৱা , স্বাগতা বৰাক সহকাৰী সম্পাদকৰ দায়িত্ব দিয়া হয়। লাকী কলিতা কুমকুম চাংমাইক সাংগঠনিক সম্পাদক , জুৰি সন্দিকৈ আৰু নিৰু গগৈক পত্ৰিকা সম্পাদক , মঞ্জুলিকা নেওক শইকীয়াক কোষাধ্যক্ষ, বিদ্বান বৰদলৈ , এপ’লিনা বৰাক প্ৰচাৰ সম্পাদক , মধুমিতা পাল , চুমি ভঁৰালী, প্ৰস্তুতি শৰ্মা আদিক কাৰ্যনিৰ্বাহক সদস্য হিচাবে লৈ এখন শক্তিশালী পূৰ্ণাঙ্গ নতুন সমিতি গঠন কৰা হয় ।

বিয়লি অনুষ্ঠিত হয় মুকলি সভা আৰু কবিতা পাঠ অনুষ্ঠান । সম্পাদক হেমা চৌধুৰী গগৈয়ে আঁত ধৰা অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাবে উপস্থিত থাকে বিশিষ্ট লেখক, অৱসৰপ্ৰাপ্ত অধ্যাপক ড.লুকুমণি গোস্বামী , বিশিষ্ট লেখক,ঔপন্যাসিক অপৰাজিতা বৰুৱা , প্ৰৱন্ধকাৰ , গ্ৰন্থ সমালোচক , শিক্ষাবিদ অৰূপা নাথ , বিশিষ্ট লেখক উপেন দত্ত , গোলাঘাট জিলা কবি সন্মিলনৰ কাৰ্যকৰী সভাপতি ৰাখি দত্ত শইকীয়া , বিশিষ্ট লেখক , কবি দিলিপ কুমাৰ শৰ্মা , ৰাজুমণি বেজবৰুৱা , কৌস্তুভমণি হাজৰিকা আদি । অনুষ্ঠানত সদৰ কবি সন্মিলনক আগুৱাই নিয়াৰ ক্ষেত্ৰত অৱদান আগবঢোৱা বাবে কেবাজনো ব্যক্তিক বিশেষভাৱে কৃতজ্ঞতা পত্ৰসহ সম্বৰ্দ্ধনা জনায় । সম্পাদক কৌস্তুভমণি হাজৰিক স্বাগতা বৰা আৰু কুমকুম চাংমাইক সভাত আজীৱন সদস্যৰ প্ৰমাণ পত্ৰ প্ৰদান কৰা হয় ।অধিবেশন উপলক্ষে আয়োজন কৰা স্বৰচিত কবিতা প্ৰতিযোগিতাত পুৰস্কাৰপ্ৰাপ্ত তিনিজন কবি ক্ৰমে প্ৰথম পুৰস্কাৰ লাভ কৰা গাৰ্গী ভূঞা,, দ্বিতীয় পুৰস্কাৰ লাভ কৰা অংকুৰিতা ফুকন আৰু তৃতীয় পুৰস্কাৰ লাভ কৰা অৰুণ গগৈক কিতাপৰ টোপোলা আৰু প্ৰমাণ পত্ৰেৰে সন্মানীত কৰা হয় । অনুষ্ঠানত প্ৰায় দুকুৰি কবিয়ে কবিতা পাঠ কৰে ।