গোলাঘাট জামুগুড়িত দাম্পপাৰৰ ভয়ংকৰ দুৰ্ঘটনা, চালক ৰ জীৱন দৈৱ ক্ৰমে ৰক্ষা

গোলাঘাট জামুগুড়িত দাম্পপাৰৰ ভয়ংকৰ দুৰ্ঘটনা, চালক ৰ জীৱন দৈৱ ক্ৰমে ৰক্ষা

মৃগাংক বৰুৱা, গোলাঘাট, ৰঙিলী বাৰ্ত্তাসেৱা-  কালি সন্ধিয়া গোলাঘাট জামুগুড়িত AS 05 C 7400 নম্বৰৰ এখন দাম্পপাৰৰ ভয়ংকৰ দুৰ্ঘটনা হয়। পথৰ ওপৰৰ পৰা কেই ফু ত মান তলত থকা পথাৰত পৰেগৈ। ভাগ্য ক্ৰমে সেই সময়ত উক্ত পথেদি কোনো মানুহ বা যান বাহন অহা নাছিল।। উল্লেখ্য যে আজি কিছুদিনৰ পৰা অধিক লোড লৈ তীব্ৰ গতিত কেতবোৰ দাম্পপাৰ চলোৱাৰ ফলত সঘনাই দুৰ্ঘটনা হৈ আহিছে। ই পথচাৰী আৰু আন যান-বাহনৰ বাবে বিপদজনক হৈছে বুলি ৰাইজে চিন্তা ব্যক্ত কৰিছে। এনে দাম্পৰৰ বিৰুদ্ধে সশ্লীষ্ট বিভাগে শীঘ্ৰে ব্যৱস্থা লোবোৰ বাবে ৰাইজে দাবী তুলিছে।