গোলাঘাটৰ ধনশিৰি বাসীৰ বাবে শুক্ৰবাৰৰ দিনটো এক ঐতিহাসিক দিন হিচাপে পৰিগণিত হল
মৃগাংক বৰুৱা, গোলাঘাট, ৰঙিলী বাৰ্ত্তাসেৱা- ধনশিৰি বাসীৰ বাবে শুক্ৰবাৰৰ দিনটো এক ঐতিহাসিক দিন হিচাপে পৰিগণিত হল৷ কিয়নো ১৯৮৭ চনতে মহকুমা গঠন হোৱাৰ পিচত পোন প্ৰথমবাৰৰ কাৰণে সৰুপথাৰ সমূহীয়া স্বাস্থ্য কেন্দ্ৰত আজিৰে পৰা মুকলি কৰা হ’ল প্ৰসুতি অস্ত্ৰোপচাৰ কেন্দ্ৰ৷ এই অস্ত্ৰোপচাৰ কেন্দ্ৰত আজি ভৰ্তি কৰোৱা হয় দুগৰাকী প্ৰসূতিক। ইয়াৰে এগৰাকীয়ে জন্ম দিয়ে এটি কন্যা সন্তানৰ। সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিত ফুকনৰ প্ৰচেষ্টাত আৰু নুমলীগড় শোধনাগাৰ কৰ্তৃপক্ষৰ আৰ্থিক অনুদানেৰে ধনশিৰি বাসীয়ে প্ৰথমবাৰৰ বাবে লাভ কৰিলে এটা প্ৰসূতি অস্ত্ৰোপচাৰ কক্ষ৷ উল্লেখযোগ্য যে, স্বাধীনতাৰ ৭৫ বছৰ অতিক্ৰম কৰাৰ পিচতো অসম নাগালেণ্ড সীমান্তৱৰ্তী মহকুমাটোৰ প্ৰসূতি সকলে গোলাঘাট বা যোৰহাটলৈ ঢাপলি মেলিবলগীয়া হৈছিল।