গোপাল আতা সাহিত্য পৰিষদ , হাউলীৰ দ্বাৰা আয়োজিত গ্ৰন্থ প্ৰতিযোগিতাৰ ফলাফল ঘোষনা- নিতু মণি দাস

Pc-istock

গোপাল আতা সাহিত্য পৰিষদ , হাউলীৰ দ্বাৰা আয়োজিত গ্ৰন্থ প্ৰতিযোগিতাৰ ফলাফল ঘোষনা

নিতু মণি দাস,ভৱানীপুৰ,ৰঙিলী বাৰ্ত্তাসেৱা- সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰখনৰ অগ্ৰনী অনুষ্ঠান গোপাল আতা সাহিত্য পৰিষদ , হাউলী ৰ দ্বাৰা আয়োজিত গ্ৰন্থ প্ৰতিযোগিতাৰ ফলাফল সমূহ ঘোষনা কৰা হয় । ঘোষিত ফলাফল অনুসৰি তুতুল মানৱৰ ‘ কামৰূপী লোকগীতত ৰামায়ণ ‘ , দেৱব্ৰত দাসৰ ‘ কড়ি খেলৰ সাধু’, লক্ষী প্ৰসাদ ডেকাৰ ‘ সমকালৰ প্ৰতিবিম্ব’ অলকা বুজৰ বৰুৱাৰ ‘ দ্ৰৌপদী ‘ , অধীৰ চন্দ্ৰ দাসৰ ‘ তেজে দাগ কটা ৰাতি’ , দিতি মণি গগৈৰ ‘ সাৰে আছানে জোনাকী পৰুৱা’ , আৰতি মিশ্ৰৰ ‘ প্ৰৱন্ধ অৰ্ঘ্য’ ,পুতুলী মেধি ঠাকুৰীয়াৰ ‘বৰ্হমথুৰি’ গীতিকা দেৱীৰ ‘উপাদেয় উৰস্ত্ৰ জীৱনৰ’ আৰু কিৰণ দাসৰ ‘ অকণিৰ কবিতা’ পুথিলৈ ‘ভট্ৰদেৱ কথা সাহিত্য বঁটা’ প্ৰদান কৰা হৈছে ।‌ গোপাল আতা সাহিত্য সাংস্কৃতিক গোষ্ঠীৰ সভাপতি আইনুল হক আৰু সম্পাদক দ্বীপেন নাথে জনোৱা মতে জুনৰ মাহৰ শেষৰ ফালে অনুষ্ঠিত হ’ব লগা গোষ্ঠীৰ বাৰ্ষিক সভাত বঁটা সমূহ আনুষ্ঠানিক ভাবে প্ৰদান কৰা হ’ব ।