গোপন প্ৰেম – ছেলিমা বেগম

PC - Pixabay
গোপন প্ৰেম
ছেলিমা বেগম, নগাঁও
বুকুৰ মাজত লুকাই থৈছোঁ
গোপন প্ৰেম অনামিকা,
আহিবানে তুমি
মোৰ হৃদয়ৰ কোঠালিত?
বহুত অপেক্ষাত ৰৈ আছোঁ
তোমালৈ বাট চাই ।
বহুদিৰ মামৰে ধৰা
হৃদয়খন ধপধপাবলৈ
ধৰিছে তোমাৰ অপেক্ষাত।
মকৰায়য়ে  জাল পাতিলে
পূৰ্ণিমাৰ জোনাক নিশাত
আহিবনে গোপনে?
হিদয়ৰ কোঠালিলৈ,
মামৰে ধৰা হৃদয়খন
পৰিস্কাৰ কৰিবলৈ ।
মকৰাৰ জাল চিঙিবলৈ
তুমি আহিলে সৌ নীলা
আকাশৰ মেঘমালা যেন
আনন্দ নাচি উঠিব ।
তোমাৰ উমান পালেই
প্ৰকৃতিয়ে যেনেকৈ বসন্ত
আহিলে নিজৰ ৰূপ সলাই ,
মোৰ মামৰে ধৰা অন্তৰে
ঠিক তেনেদৰে ৰূপ সলাই
শান্তিৰ নিশ্বাস লব।
গোপন প্ৰেম খিনি তোমাৰ
আগত প্ৰকাশ কৰিম অনামিকা।