গুৱাহাটী-শিলচৰৰ মাজত বিশেষ বিমান সেৱাৰ ব্যৱস্থা

Pc The Janambhumi

গুৱাহাটী-শিলচৰৰ মাজত বিশেষ বিমান সেৱাৰ ব্যৱস্থা

দিছপুৰ, ৰঙিলী বাৰ্ত্তাসেৱা- নেৰা-নেপেৰা বৰষুণৰ ফলত সৃষ্টি হোৱা শেহতীয়া বান পৰিস্থিতি আৰু ভূমিস্খলনৰ বাবে বৰাক উপাত্যকাৰ সৈতে যোগাযোগ ব্যৱস্থাত বাধাৰ সৃষ্টি হৈছে। ইয়াৰ বাবে গুৱাহাটী আৰু শিলচৰৰ মাজত যাতায়াতৰ সুবিধাৰ বাবে অসম পর্যটন উন্নয়ন নিগমে (এটিডিচি) বিশেষ বিমান সেৱাৰ ব্যৱস্থা কৰিছে। ফ্লাই বিগৰ সহযোগত এটিডিচিয়ে ১৮ আৰু ১৯ জুনত গুৱাহাটীৰ পৰা শিলচৰলৈ সন্ধিয়া ৬ বজাত আৰু শিলচৰৰ পৰা গুৱাহাটীলৈ সন্ধিয়া ৭-১০ বজাত এই বিমান সেৱাৰ ব্যৱস্থা কৰিছে। ২০ জুনৰ পৰা গুৱাহাটীৰ পৰা শিলচৰলৈ পুৱা ৭-৪৫ বজাত আৰু শিলচৰৰ পৰা গুৱাহাটীলৈ পুৱা ৮-৫৫ বজাত এনে বিমান সেৱাৰ ব্যৱস্থা কৰা হৈছে। উল্লেখযোগ্য যে শিলচৰত জিলা উপায়ুক্তৰ কাৰ্যালয়ত এই বিমান সেৱাৰ বাবে টিকটৰ বিশেষ কাউণ্টাৰৰ ব্যৱস্থা কৰা হৈছে। সেইদৰে গুৱাহাটীৰ পল্টন বজাৰৰ পৰ্যটন ভৱনৰ ৰে’ড ৰিভাৰ ট্ৰেভেলছত (এটিডিচিৰ ইউনিট) ইচ্ছুক যাত্রীসকলে টিকট কাটিব পাৰিব। এই টিকটৰ হাৰ ৪ হাজাৰ টকা। যাত্রীসকলে ৮১৩৫৯-০২৯৭৩ নম্বৰত ফোন কৰিবা atdcflightservice@gmail.com ত ই মেইল কৰিও টিকট বুক কৰিব পাৰিব। টিকট বুক কৰাৰ বাবে নগদ/কার্ড/ইউ পি আই যোগে ধন আদায় দিব পাৰিব। ৮১৩৫৯-০২৯৭৩ নম্বৰত ইউ পি আই পেমেন্ট/গুগোল পে’ যোগে ধন আদায় দিব পাৰিব।