গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচনৰ ফলাফল ঘোষণা

Pc The Janambhumi

গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচনৰ ফলাফল ঘোষণা

ৰঙিলী বাৰ্ত্তাসেৱা-  গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচনত আধিপত্য বিস্তাৰ কৰিছে সদৌ অসম ছাত্ৰ সন্থাই৷ সভাপতি আৰু সাধাৰণ সম্পাদকৰ দৰে দুয়োটা  গুৰুত্বপূৰ্ণ পদত আছু সমৰ্থিত প্ৰাৰ্থী জয়ী হৈছে৷ সভাপতিৰ পদত কাশ্যপ কল্যাণ গগৈয়ে ১২০৫টা ভোট আৰু সাধাৰণ সম্পাদকৰ পদত পুণ্যব্ৰত দত্তই ১১৫৩টা ভোট লাভ কৰি জয়ী হৈছে৷ তদুপৰি উপ-সভাপতি, লঘু ক্ৰীড়া, ছাত্ৰী জিৰণি কোঠা আদি কেইবাটাও পদত আছুৰ প্ৰাৰ্থীয়ে শেষ হাঁহি মাৰিবলৈ সক্ষম হৈছে৷ উপ-সভাপতি নিৰঞ্জন বৰাই ১২২২টা ভোট লাভ কৰে৷ লঘু ক্ৰীড়া বিভাগতো আছুৰ মঞ্জিল শইকীয়াই ১২০৭টা ভোট, ছাত্ৰী জিৰণি কোঠাৰ বিভাগত মৌচুমী ওজাই ৮৩৪টা ভোট লাভ কৰি জয়ী হয়৷ ইফালে সহকাৰী সাধাৰণ সম্পাদক, সাহিত্য আৰু সুকুমাৰ কলা বিভাগৰ সম্পাদক পদত জয়ী হয় এ বি ভি পি সমৰ্থিত প্ৰাৰ্থী৷ সহকাৰী সাধাৰণ সম্পাদক পদত দলবীৰ সিঙে ৮৬২টা ভোট লাভ কৰি আৰু সাহিত্য আৰু সুকুমাৰ কলা বিভাগত সৌৰভ দেউৰীয়ে ১১৮২টা ভোট লাভ কৰি নিৰ্বাচিত হয়৷ তৰ্ক বিভাগত দুৱৰী কাশ্যপ, গুৰু ক্ৰীড়া বিভাগত বিশ্বজিৎ দৈমাৰী আৰু ক্ৰীড়া সম্পাদক হিচাপে হাবেল বড়ো জয়ী হৈছে৷ ইফালে সমাজ সেৱা সম্পাদক হিচাপে অসম ছাত্ৰ পৰিষদৰ ফজাইল আহমেদ জয়ী হৈছে৷ আনহাতে এন এছ ইউ আইৰ প্ৰাৰ্থী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচনত জয়ী হ’ব নোৱৰাটোৱে তাৎপৰ্য বহন কৰিছে৷