গুৱাহাটী প্ৰেছ ক্লাবত ‘লাল সবুজেৰ ঝাড়খন্দ তখন আৰ এখন’ গ্ৰন্থ উন্মোচন

গুৱাহাটী প্ৰেছ ক্লাবত ‘লাল সবুজেৰ ঝাড়খন্দ তখন আৰ এখন’ গ্ৰন্থ উন্মোচন

ৰঙিলী বাৰ্ত্তাসেৱা-  লেখিকা সুপৰ্না লাহিড়ী বৰুৱাৰ বাংলা ভাষাৰ ‘লাল সবুজেৰ ঝাড়খন্দ তখন আৰ এখন’ গ্ৰন্থখন গুৱাহাটী প্ৰেছ ক্লাবত উন্মোচন কৰা হয়৷লেখিকা সুপৰ্না লাহিড়ী বৰুৱাই গ্ৰন্হখনৰ সন্দৰ্ভত কিছু ব্যাখ্যা কৰা সভাত প্ৰাগ নিউজৰ মুখ্য সম্পাদক প্ৰশান্ত ৰাজগুৰুৱে কয়-লেখিকা সুপৰ্না লাহিড়ী বৰুৱাৰ কিতাপ এখন প্ৰকাশ পোৱা বাবে আজিৰ দিনটো লেখকৰ বাবে এটা গুৰুত্বপূৰ্ণ দিশ৷লেখিকাই যি কিতাপ প্ৰকাশ কৰি আহিছে,উক্ত স্থানত গৈ গৱেষণা কৰিহে প্ৰকাশ কৰি আহিছে৷ফলত কিতাপখন পাঠকৰ বাবে গ্ৰহণযোগ্য হৈ পৰে৷মানুহ এনেকুৱা প্ৰাণী কোন মুহূৰ্তত কি হ’ব পাৰে সেয়া কেতিয়াও কব নোৱাৰে৷কিতাপখনে পাঠক সমাজক ব্যাপক সহাৰি জনাব৷সুলেখিকা মাইনী মহন্তই কয়-কিতাপখন পঢ়ি ভাল লাগিছে৷এই কিতাপখন এখন তথ্যপূৰ্ণ গ্ৰন্থ৷এইখন কিতাপে পাঠকক বিশেষভাৱে সহায় কৰিব৷কিতাপখনত সাহিত্য,ইতিহাস আছে,পাঠকে পঢ়ি ভাল পাব৷সভাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাংলা বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক ড° উষাৰঞ্জন ভট্টাচাৰ্যই ঝাড়খন্দৰ বিভিন্ন দিশ ব্যাখ্যা কৰে৷লেড়িকা,সমাজকৰ্মী ৰাণী গোহাঁই আদি কেইবাজনো লোকে ভাষণ দিয়ে৷