গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচন- বঁটা বিতৰণী সভা

গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচন- বঁটা বিতৰণী সভা

ৰঙিলী বাৰ্ত্তাসেৱা-  সাহিত্য-সংস্কৃতি চৰ্চাৰ অগ্ৰণী অনুষ্ঠান ’পৰমাৰ্থম’ৰ  উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাবত এটি মনোজ্ঞ সাহিত্যানুষ্ঠান অনুষ্ঠিত হয়। বিশিষ্ট সাহিত্যিক তথা পৰমাৰ্থমৰ সভাপতি বিনয় কুমাৰ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত সভাত ’দৈনিক অসম’ কাকতৰ জ্যেষ্ঠ সাংবাদিক পুলিন কলিতা, লেখক হৰমোহন কলিতা, সমালোচক ৰমনী মোহন কলিতাই বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰে। সভাত জনপ্ৰিয় লেখিকা অৰুণিমা হাজৰিকাৰ ’দিগন্তত হেঙুল বৰণ’ নামৰ কাব্যগ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট কবি অঞ্জুম আৰা হুছেইনে। সভাত পৰমাৰ্থমে বিগত বৰ্ষত আয়োজন কৰা উপন্যাস প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ প্ৰতিযোগী প্ৰতিভা ভাগৱতী শৰ্মা, ফটোগ্ৰাফী প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ প্ৰতিযোগী সুজাতা মেধিক বঁটা প্ৰদান কৰা হয়। অনুষ্ঠানত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বহুসংখ্যক লেখক-কবিয়ে ভাগ লৈ ’পৰমাৰ্থম’ৰ প্ৰয়াসৰ শলাগ লয়।