গুৱাহাটী প্ৰেছ ক্লাবত কবিতা পুথি ‘প্ৰজ্ঞাৰ পোহৰ’ উন্মোচন

গুৱাহাটী প্ৰেছ ক্লাবত কবিতা পুথি ‘প্ৰজ্ঞাৰ পোহৰ’ উন্মোচন

ৰঙিলী বাৰ্ত্তাসেৱা-   কবি প্ৰদীপ পাঠকৰ কাব্য সংকলন ‘প্ৰজ্ঞাৰ পোহৰ’ গুৱাহাটী প্ৰেছ ক্লাবত উন্মোচন কৰা হয়। কবিতা পুথিখন উন্মোচন কৰে বিশিষ্ট কবি, সাহিত্যিক কৌস্তভ মণি শইকীয়াই।কবি, সাহিত্যিক, গৱেষক ড০নীৰঞ্জন কলিতাই সঞ্চালনা কৰা গ্ৰন্থ উন্মোচনী সভাত বিশিষ্ট কবি, সমালোচক সমীন্দ্ৰ হুজুৰীয়ে নিৰ্দিষ্ট বক্তাৰূপে ভাষণ প্ৰদান কৰে।গ্ৰন্থখন উন্মোচন কৰি কৌস্তভমণি শইকীয়াই কয়, প্ৰত্যেক মানুহৰ হৃদয়ত কবিতা থাকে। কিছুৱে লিখে কিছুৱে কবিতা হৃদয়ত লৈ ফুৰে। প্ৰদীপ পাঠকে আজি কবিতাৰ পোহৰ মেলি দি সাকাৰ, সুন্দৰ ৰূপত কবিতা উলিয়াই দিছে। বিশিষ্ট কবি, সমালোচক সমীন্দ্ৰ হুজুৰীয়ে কয়, কবি প্ৰদীপ পাঠকে কল্পৰাজ্যত পৰিভ্ৰমণ কৰি কাব্য ৰচনা কৰা নাই।অগ্ৰজগকলে কবিতাক প্ৰতিবাদৰ ভাষা হিচাপে ব্যৱহাৰ কৰিছে। আমি যি আজি জটিল সময়ৰ মাজেৰে গতি কৰিছো এই সময়ত কবিতাই নতুন বাট মোকলাব লাগিব।সকলো কবিতাই শ্ৰেষ্ঠ কবিতা নহয়।ওৰে জীৱন কবিতা লিখিও মাত্ৰ দুটা কবিতাই কবিতাক মহান কৰে।ৰাজনৈতিক সমীক্ষক অনন্ত কলিতাই কয়, প্ৰদীপ পাঠক নীৰৱ কবি। তেওঁৰ কবিতা উচ্চ পৰ্যায়ৰ। সাহিত্যত বাণী থাকিব লাগে। সাহিত্যত যদি সমাজ প্ৰতিফলিত নহয় তেনে সাহিত্য যুগমীয়া নহয়। ৰবীন্দ্ৰনাথৰ কবিতাত কি নাই। তেওঁ সাহিত্যৰ মাজেৰে সকলো সাঙুৰি লৈছে। অসমীয়া কবিতাই আজি জ্ঞানপীঠ বঁটা পাইছে। আমি অসমীয়া হিচাপে গৌৰৱাম্বিত। পাঠকে প্ৰদীপ পাঠকৰ কবিতা পুথিখন আদৰি ল’ব বুলি আশা প্ৰকাশ কৰে।