গুৱাহাটী পৌৰ নিগমৰ ১৩ নং ৱাৰ্ডৰ নিৰ্দলীয় প্ৰাৰ্থী শান্ত্বনা বি ঠাকুৰীয়াৰ প্ৰচাৰ

pcThe Janambhumi

গুৱাহাটী পৌৰ নিগমৰ ১৩ নং ৱাৰ্ডৰ নিৰ্দলীয় প্ৰাৰ্থী শান্ত্বনা বি ঠাকুৰীয়াৰ প্ৰচাৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে মাজত আছে মাত্ৰ দুটা দিন৷প্ৰতিটো দলৰ প্ৰাৰ্থীয়ে জোৰদাৰ প্ৰচাৰত নামি পৰিছে৷তেনেদৰে সমান্তৰালকৈ গুৱাহাটী পৌৰ নিগমৰ ১৩ নং ৱাৰ্ডৰ প্ৰাৰ্থী শান্ত্বনা বি ঠাকুৰীয়াই ৱাৰ্ডটোত প্ৰচাৰত নামি পৰিছে৷তেওঁ ভোটাৰৰ মাজত সোমাই পৰা পৰিলক্ষিত হৈছে৷উক্ত ৱাৰ্ডৰ গাৰোবস্তি,আদিংগিৰি ,নামনি কামাখ্যা,দুৰ্গাসৰোবৰ,নীলাচলপুৰ,শান্তিপুৰ হিলচাইডৰ যাতায়াতৰ সুচল ব্যৱস্থা চিকিৎসালয়ৰ মান উন্নত কৰাৰ লগতে অঞ্চল সমূহৰ খোৱাপানী সমস্যা সমাধানৰ আশ্বাস দিয়ে।এইবাৰ নিৰ্দলীয় প্ৰাৰ্থীগৰাকীৰ বিজয় নিশ্চিত বুলি দাবী কৰে ১৩ নং ৱাৰ্ডৰ একাংশ ৰাইজে।ইতিমধ্যে ৰাইজৰ অকুন্ঠ সহাৰি লাভ কৰিছে প্ৰাৰ্থীগৰাকীয়ে।প্ৰাৰ্থী শান্ত্বনা বি ঠাকুৰীয়া এগৰাকী বিশিষ্ট অভিনেত্ৰীৰ লগতে অসম সাহিত্য সভাৰ শিক্ষা সমন্বয়ক।