গুৱাহাটী কয়ৰ এন অর্কেষ্ট্ৰাৰ দেশপ্রেমমূলক গীত উন্মোচন

গুৱাহাটী কয়ৰ এন অর্কেষ্ট্ৰাৰ দেশপ্রেমমূলক গীত উন্মোচন

অনলাইন বাৰ্ত্তাসেৱা– দেশৰ স্বাধীনতা দিৱসৰ আগে আগে গুৱাহাটী কয়ৰ এন অৰ্কেষ্ট্ৰাৰ দ্বাৰা নিবেদিত এটি দেশপ্রেমমূলক গান ‘মোৰ দেশৰ সোণালী চৰাই’ আনুষ্ঠানিকভাৱে গুৱাহাটী গ্ৰেছ ক্লাবত উন্মোচন কৰা হৈছিল। গুৱাহাটীৰ সংগীত শিক্ষাৰ অনুষ্ঠান ডি উত্তৰণ মিউজিক একাডেমীৰ এদল শিল্পীয়ে সংগীত পৰিচালক ধীৰাজ দাসৰ পৰিচালনাত গোৱা এই গীতটো লিখিছে জীমণি চৌধুৰীয়ে। গীতটো আনুষ্ঠানিকভাৱে উন্মোচন কৰে জ্যোতি চিত্ৰবন ফিল্ম ছ’চাইটিৰ অধ্যক্ষ তথা এসময়ৰ ভালেমান শ্ৰব্য চিডি, ভিডিঅ’ ছবিৰ প্ৰযোজক পবিত্ৰ মাৰ্ঘেৰিটা, বিশিষ্ট গীতিকাৰ সুৰকাৰ তথা জ্যেষ্ঠ সাংবাদিক মণি মহন্ত আৰু বিশিষ্ট অভিযন্তা সিদ্ধান্ত শর্মাই। উন্মোচক কেইজনে গুৱাহাটী কয়ৰ এন অর্কেষ্ট্ৰা গোষ্ঠীৰ এই প্রচেষ্টাৰ শলাগ লয় আৰু গীতটোক শ্ৰোতা সমাজৰ পৰা যথেষ্টখিনি সমাদৰ লাভ কৰে। গীতটোত কণ্ঠদান কৰা গায়ক-গায়িকাসকল হৈছে নীল, গংগা, ৰীমা, ঊর্মিলা মানস, বেবী, জয়শ্রী, বাহাৰুল, মনময়ুৰী, ঋতুপর্ণ, জিষ্ণু, দীপাঞ্জলি নিবিড় আৰু ইন্দ্রাণী। উল্লেখযোগ্য যে স্বাধীনতা দিৱস ১৫ আগষ্টৰ আগতেই ইউ টিউবৰ যোগেদি গুৱাহাটীৰ কয়ৰ এন অর্কেষ্ট্ৰাৰ নামত এই গীতটো উপলব্ধ হৈছিল বুলি পৰিচালক ধীৰাজ দাসে প্রকাশ কৰে। এন. ই. জেদ. চি. চি.ৰ দ্বাৰা পৰিচালিত বিভিন্ন অনুষ্ঠানত গীত পৰিবেশন কৰি প্রসংশিত হোৱা গুৱাহাটী কয়ৰ এন অৰ্কেষ্ট্ৰাৰ এইটো তৃতীয় শ্রব্য গীত।

 

(UD.)