গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পাঁচগৰাকী ন্যায়াধীশৰ শপত গ্ৰহণ
দিছপুৰ, ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পাঁচগৰাকী অতিৰিক্ত ন্যায়াধীশে আজি নগ্নবধীশ হিচাপে শপত গ্ৰহণ কৰে। গুৱাহাটী উচ্চ ন্যায়ালয়ত অনুষ্ঠিত এক শপত গ্রহণ অনুষ্ঠানত অতিৰিক্ত ন্যায়াধীশ কাতে চেনা, দেবাশীয় বৰুৱা, মালাশ্রী নন্দী, মালি ভেনকুণ্ড আৰু অৰুণ দেৱ চৌধুৰীয়ে ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সন্দীপ মেহতাই অনুষ্ঠানত ন্যায়াধীশকেইগৰাকীক শপত বাক্য পাঠ কৰোৱায়।