গুৱাহাটীৰ ভগৱান হোটেলত চিআইডিৰ বিষয়াৰ মৃতদেহ উদ্ধাৰ

গুৱাহাটীৰ ভগৱান হোটেলত চিআইডিৰ বিষয়াৰ মৃতদেহ উদ্ধাৰ

ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটীৰ ভগৱান হোটেলত উদ্ধাৰ এটা মৃতদেহ।মৃতদেহটো চিআইডিৰ এ এছ আই নিৰ্মল ভূঞাৰ বুলি জানিব পৰা গৈছে। নিৰ্মল ভূঞাৰ ঘৰ নলবাৰীত। হোটেলখনত নিজৰ বাবে লৈছিল এটা ৰুম। ৪ মে’ৰ দিনা নিজৰ নামত কোঠাটো বুক কৰিছিল বিষয়াজনে। কিন্তু এতিয়া ৰহস্যজনকভাৱে বিষয়াজনৰ মৃতদেহ উদ্ধাৰ হোৱাত চাঞ্চল্যৰ সৃষ্টি হৈছে।আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।