গুৱাহাটীৰ পানীৰ সংকটৰ জন সচেতনা সৃষ্টি কৰিবলৈ নাগৰিক ঐক্য মঞ্চৰ মানৱ শৃংখল কাৰ্যসূচী

গুৱাহাটীৰ পানীৰ সংকটৰ জন সচেতনা সৃষ্টি কৰিবলৈ নাগৰিক ঐক্য মঞ্চৰ মানৱ শৃংখল কাৰ্যসূচী

ৰঙিলী বাৰ্ত্তাসেৱা-  গুৱাহাটীৰ পানীৰ সংকটৰ বিষয়ে জন-সচেতনা সৃষ্টি কৰিবলৈ আৰু কৰ্তৃপক্ষৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ আজি নাগৰিক ঐক্য মঞ্চই দীঘলী পুখুৰীৰপাৰৰ(সন্দিকৈ ছোৱালী মহবিদ্যালয়ৰ সন্মুখৰ পদপথত )এক মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ন কৰে। উক্ত কাৰ্য্যসূচীত নেতৃত্ব প্ৰদান কৰে দীপক গোস্বামী,মুখ্য আহ্বায়ক, নাগৰিক ঐক্য মঞ্চৰ অমৃত খাটনীয়াৰ(এ,জে,পি),ড° ঘনশ্যাম নাথ(ৰাইজৰ দল), অদীপ ফুকন (জ্যেষ্ঠ সাংবাদিক), কুশল শৰ্মা(প্ৰাক্তন মেয়ৰ),তপন শৰ্মা(ৰাজ্যিক সম্পাদক চি, টি, ইউ) গৰ্গ তালুকদাৰ(জে,চি,টি,ইউ), ইছফাকুৰ ৰহমান(সদস্য চি,পি,আই-এম) কে আদি কৰি প্ৰায় ৭০ জন সদস্যই অংশ গ্ৰহণ কৰে।পানী যোগান সমস্যাক লৈ তেওঁলোকে কয় যে খোৱাপানীৰ প্ৰকল্প কেইটাৰ ৰূপায়ণত চৰকাৰৰ ব্যৰ্থতা বৃহৎ গুৱাহাটী মহানগৰীৰ খোৱাপানীৰ তীব্ৰ সমস্যাৰ সমাধানৰ বাবে, হাতত লোৱা চাৰিটা প্ৰকল্পই আজি ১৪ বছৰ অতিক্ৰম কৰাৰ পিছতো চৰকাৰ এইকেইটা সম্পূৰ্ণ কৰাত ব্যৰ্থ হৈছে। অদক্ষ, অযোগ্য জল বোৰ্ড আৰু আন দুটা ৰূপায়ণকাৰী সংস্থাই প্ৰচুৰ ৰাজহুৱা ধনৰ অপচয় কৰিও প্রকল্প কেইটা কাৰ্যকৰী কৰিব নোৱাৰিলে। আনহাতে অতি পৰিতাপৰ কথা যে যোৱা এটা পষেকত চাৰিটা জল-বিস্ফোৰণৰ দুৰ্ঘটনা ঘটিল। দুগৰাকী নাগৰিকৰ মৃত্যু হ’ল, বহু কেইজন আঘাতপ্রাপ্ত হ’ল, বহুতো সা-সম্পত্তি নষ্ট হ’ল। এই দুর্ঘটনাবোৰ জল-বোর্ড, ঠিকাদাৰী প্ৰতিষ্ঠান, PMC আদিৰ অদক্ষতা তথা হেমাহিৰ বাবেই হ’বলৈ পালে । আমি এনে দুর্ঘটনাবোৰৰ নিৰপেক্ষ তদন্ত কৰি দোষীৰ উপযুক্ত শাস্তি আৰু লগতে ক্ষতিগ্ৰস্ত সকলৰ পৰ্যাপ্ত ক্ষতিপূৰণ বিচাৰোঁ। চৰকাৰে যথোপযুক্ত কাৰিকৰী ব্যৱস্থাপনা গ্ৰহণ কৰি প্ৰকল্প চাৰিটা সম্পূৰ্ণ কৰক যাতে সোনকালে গুৱাহাটীবাসীয়ে খোৱাপানী পাব পাৰে। নাগৰিক ঐক্য মঞ্চৰ লগতে অন্যান্য সংগঠনসমূহৰ যোৱা প্ৰায় বছৰজোৰা সংগ্ৰামৰ ফলত চৰকাৰৰ ওপৰত চাপ সৃষ্টি হোৱাৰ ফলশ্রুতিতে হয়তো মহানগৰীখনৰ চাৰিটা পানীযোগান প্ৰকল্পৰ ভিতৰত দক্ষিণ-মধ্য পানীযোগান প্ৰকল্পৰ (জাইকাৰ অৰ্থসাহায্যপুষ্ট ) ক্ষেত্ৰত সামান্য হ’লেও কিছু অগ্ৰগতি পৰিলক্ষিত হৈছিল; কিন্তু তাৰ মাজতে যোৱা ২৫ মে তাৰিখে খাৰঘুলিৰ জয়পুৰ গাঁৱত হোৱা ভয়ংকৰ জলবোমা বিষ্ফোৰণৰ ফলত বহুখিনি জটিলতাৰ সৃষ্টি হল , এই বিষ্ফোৰণ প্ৰায় চল্লিছ মিনিটমান চলাৰ পিচতহে কিয় বন্ধ কৰিব পৰা গ’ল সেইটো এটা ডাঙৰ প্ৰশ্ন । আমাৰ হিচাপত, সেইদিনা পানী পৰিশোধন কেন্দ্ৰত, চাপ মাপক যন্ত্র আদি প্রয়োজনীয় সা-সৰঞ্জাম আৰু সেইবোৰ তদাৰক কৰিবৰ বাবে যোগ্য ব্যক্তি সময়মতে উপস্থিত থকা হলে, এনে বিষ্ফোৰণৰ ঘটনা এক মিনিটৰ ভিতৰতে বন্ধ কৰিব পৰা গ’লহেঁতেন । তেতিয়া প্ৰাণহানি আৰু বৃহৎ পৰিমাণৰ ক্ষয়-ক্ষতিৰ পৰা অঞ্চলটোক ৰক্ষা পৰিব পৰা গ’লহেঁতেন । আনহাতে যোৱা ৮ জুনত ৰাস্তাত পাইপ বহুৱা গাতত দুৰ্ঘটনাত পতিত হৈ এজনী ছাত্ৰীৰ কৰুণ মৃত্যু হয়। জল-বোর্ডে নিয়োগ কৰা ঠিকাদাৰী প্ৰতিষ্ঠানে গনেশগুৰিৰ ৰাষ্টাত কাম কৰিবৰ সময়ত লবলগীয়া সাৱধানতা খিনি নোলোৱাৰ ফলতে এনে কৰুণভাবে ছাত্রীজনীয়ে মৃত্যুক সাবতি লব লগা হ’ল। ইয়াৰ পিছত, আন এক বৃহৎ জল-বিস্ফোৰণৰ দূৰ্ঘটনা হল জুৰোড ৰাজগড় পথ সংযোগী পথত, যোৱা ১২ জুনত। ইয়াৰ আগতেও পাইপ লাইনত সৰু-সুৰা বিস্ফোৰণ হৈছিল মালিগাঁওঁ আৰু চান্দমাৰী অঞ্চলত আমাৰ হিচাপত, বিষ্ফোৰণ সংঘটিত হোৱা পাইপ লাইনত নিয়মীয়া চোৱা-চিতা কৰাৰ বা পৰিশোধন / পাম্পিং কেন্দ্ৰত উপযুক্ত তদাৰকী ব্যৱস্থা নথকা বাবে এনে সৰুসুৰা বিজুতি সময়মতে চিনাক্ত নহল আৰু তাৰ ফলত এনে ধৰণৰ দুৰ্ঘটনা বাৰে বাৰে ঘটিবলৈ পাইছে। প্ৰকল্পটো যিদৰে চলাই থকা হৈছে তাত এনে ধৰণৰ দুৰ্ঘটনাবোৰ ঘটাৰ পূৰ্ণ সম্ভাৱনাই আছিল আৰু এতিয়াও আছে।প্ৰকল্পটোৰ যিহেতু আংশিক ৰূপায়ণহে হৈছে, গতিকে ই এতিয়াও প্রকল্প ব্যৱস্থাপক পৰামৰ্শদাতা (PMC) কোম্পানীটো (NJS) আৰু ঠিকাদাৰৰবোৰৰ হাততে আছে আৰু জলবোর্ডলৈ এতিয়াও ইয়াৰ আনুষ্ঠানিক হস্তান্তৰণ হোৱা নাই । এই কথাও পৰিষ্কাৰ যে জলবোৰ্ডৰ ফালৰ পৰা কোম্পানীবোৰৰ কামকাজৰ কোনো উপযুক্ত নিৰীক্ষণ কৰাৰ ব্যৱস্থা নাই । জলবোৰ্ডৰ কামকাজলৈ লক্ষ্য কৰিলে এনে লাগে যে মহানগৰৰ অধিকাধিক অঞ্চলত যধেমধে আৰু সকলো ইঞ্জিনিয়াৰিং নিয়ম জলাঞ্জলি দি পানীৰ সংযোগ দিয়াটোহে তেওঁলোকে নিজৰ প্ৰধান কাম হিচাপে লৈছে। কিন্তু এনে কৰোঁতে ৰাইজৰ নিৰপত্তা সুনিশ্চিত কৰাৰ দিশটো এতিয়ালৈকে উপেক্ষিত হৈ আছে । পাইপসমূহৰ নিয়মীয়া মেৰামতিকৰণ তথা পানী পৰিশোধন কেন্দ্ৰ, জলাধাৰ, পাইপ নেটৱৰ্ক আদিত প্ৰয়োজনীয় সুৰক্ষামূলক যন্ত্রপাতি লগোৱাৰ কাম অবিলম্বে সম্পন্ন কৰাৰ বাবেও আমি দাবী কৰিছোঁ। তদুপৰি জলাধাৰৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ নোহোৱাকৈয়ে, প্ৰেছাৰ ৰিলীজ ভালভ (PRV) আদি প্ৰযুক্তিৰ সহায় লৈ জধেমধে পানীযোগান ধৰাৰ অবিবেচক কাৰ্যৰ ফলত ভৱিষ্যতে দুর্ভাগ্যজনক ঘটনা ঘটাৰ সম্ভাৱনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি অধিক সতর্কতামূলক ব্যৱস্থা গ্ৰহন কৰিবলৈ দাবী জনাইছোঁ৷নাগৰিক ঐক্য মঞ্চই ইতিমধ্যে এই সম্পৰ্কত সংশ্লিষ্ট সকলো পক্ষৰ লগত যোগাযোগ কৰি আছে । ইয়াৰ ভিতৰত, তদন্ত কৰাৰ বাবে চৰকাৰে গঠন কৰি দিয়া “তিনি জনীয়া কাৰিকৰী সমিতি”ক আমাৰ দৃষ্টিভংগী যোৱা ২৯৫/২৩ তাৰিখে দাখিল কৰা, অসম মানৱাধিকাৰ আয়োগক উপায়ুক্তক তদন্তৰ দায়িত্ব দিয়াৰ অযৌক্তিকতাৰ বিষয়ে অভিযোগ প্ৰেৰণ কৰা, দোষীক তদন্ত কৰি শাস্তি দিয়া আৰু ক্ষতিগ্ৰস্তক ক্ষতিপূৰণ দিয়া আদি দাবী সন্নিবিষ্ট বিবৃতি প্রকাশ কৰা আদি কামবোৰ সঠিক কৰা হৈছে সময়ত অৱশ্যে এই দুর্ঘটনাবোৰৰ বাবে প্ৰকল্প চাৰিটাৰ ৰূপায়ণৰ দুখলগা অৱস্থাটোৰ পৰা আমাৰ দৃষ্টি আঁতৰাই আনিলে এটা মাৰাত্মক ভুল হ’ব। প্ৰকল্প কেইটাৰ অগ্রগতি মুঠেই সন্তোষজনক নহয়। আমি যোৱা কেইমাহমানত চৰকাৰী অভিযন্তা আদিক লগত লৈ প্ৰকল্প-স্থলীসমূহ পৰিদৰ্শন কৰিছিলোঁ । দক্ষিণ-পশ্চিম প্ৰকল্পৰ ক্ষেত্ৰত জল পৰিশোধন কেন্দ্ৰ, জলাধাৰ নিৰ্মাণ আদি কামৰ অগ্রগতি কিছু হৈছিল যদিও ইয়াৰ বিতৰণ নেটৱৰ্কৰ কাম এতিয়াও বহুত বাকী । চৰকাৰে কিছুদিনৰ আগতে প্রয়োজনীয় পুঁজিত অনুমোদন কৰিছিল যদিও, পূৰ্বৰ ঠিকাদাৰ গেমনৰ অপসাৰণৰ পিচত নতুন ঠিকাদাৰ নিযুক্তি দিয়া হোৱা নাই। আৰু আমি জনাত কাম কাজ সম্পূর্ণভাবে বন্ধ।দক্ষিণ-মধ্য প্ৰকল্পৰ ক্ষেত্ৰত এতিয়া কাৰ্যক্ষম হৈ থকা দুটা জলাধাৰ বাদ দি বাকী ছটা জলাধাৰৰ কাম এতিয়াও অসম্পূর্ণ । তদুপৰি প্ৰয়োজনীয় এহেজাৰ কিলোমিটাৰ বিতৰণ নেটৱৰ্কৰ ভিতৰত এতিয়াও তিনিশ কিলোমিটাৰৰ কাম শেষ হবলৈ বাকী। আনহাতে এই প্ৰকল্পত অর্থ যোগান ধৰা সংস্থা জাইকাই মাত্র ২০২৪ ৰ ডিচেম্বৰলৈকেহে পুঁজি দিব। জলবোর্ডে এই সময়সীমাৰ ভিতৰতে প্ৰকল্পৰ কাম সম্পূৰ্ণ কৰা হ’ব বুলি কয় যদিও এই দাবী এতিয়াও বিশ্বাসযোগ্য হৈ উঠা নাই । খাৰঘুলি ৰাজগড়, গণেশগুৰিৰ দুৰ্ঘটনা বোৰে ইয়াত অধিক বিলম্ব ঘটোৱাৰ সম্ভাৱনা আছে। অন্যহাতে দক্ষিণ-পূৱ প্ৰকল্পত ADB য়ে পুঁজি যোগান প্ৰত্যাহাৰ কৰাত আৰু নতুন পুঁজি যোগান ধৰা এজেন্সিৰ অভাৱত যোৱা ২০১৯ চনৰ পৰাই প্ৰকল্প ৰূপায়নৰ কাম সম্পূর্ণ বন্ধ হৈ আছে ।বৰ্তমান এই তীব্র গৰমত মহানগৰীৰ বহু অঞ্চলত খোৱাপানীৰ সম্যসাই শোচনীয় ৰূপ ধাৰণ কৰিছে। এই পৰিস্থিতিত আমি চৰকাৰ আৰু পৌৰ নিগম কর্তৃপক্ষক দাবী জনাই আহিছোঁ যাতে পানীৰ সংকটত ভুগি থকা অঞ্চলবোৰত টেঙ্কাৰৰে বিনামূলীয়াভাৱে খোৱাপানীৰ যোগান ধৰে।আহক, খোৱাপানী সমস্যাৰ আশু সমাধান বিচাৰি চৰকাৰৰ ওপৰত চাপ সৃষ্টি কৰাৰ উদ্দেশ্যে আমি সদৌ মহানগৰবাসী ঐক্যবদ্ধ হওঁ । আহক আজিৰ এই মানৱ শৃংখল’ প্রতিবাদী কার্যক্রম সফল কৰি তোলোঁ। চৰকাৰৰ এই চৰম ব্যর্থতৰ বিৰুদ্ধে আমাৰ প্ৰতিবাদৰ কন্ঠ সুউচ্চত তুলি ধৰোঁ৷গুৱাহাটীবাসীয়ে খোৱা পানীৰ সম্যসাৰ দ্ৰুত তথা স্থায়ী সমাধান বিচাৰিছে৷