গুৱাহাটীৰ ডাউন টাউন বিদ্যালয়ত পুতলা নাচ প্ৰদৰ্শন

গুৱাহাটীৰ ডাউন টাউন বিদ্যালয়ত পুতলা নাচ প্ৰদৰ্শন

ৰঙিলী বাৰ্ত্তাসেৱা-  উত্তৰ-পূৰ্বাঞ্চলৰ পুতলা নাচ পৰম্পৰাক পুনৰুজ্জীৱিত কৰাৰ লক্ষ্যৰে ভাৰত আন্তঃৰাষ্ট্ৰীয় পুতলা মহোৎসৱ ২০২৪ আৰম্ভ হৈছে। আন্তৰ্জাতিক কলা আৰু সাংস্কৃতিক ফাউণ্ডেশ্যন, বাংগালুৰুৰ এটা ব্যতিক্ৰমধৰ্মী সংস্থাই লুপ্ত হোৱা লোককলা সমূহক প্ৰসাৰ আৰু প্ৰচাৰৰ দিশত গুৰুত্ব প্ৰদানেৰে উৎসৱসমূহ সমগ্ৰ ভাৰতত অনুষ্ঠিত কৰি আহিছে।ভাৰত চৰকাৰৰ সংস্কৃতি মন্ত্ৰালয়ৰ দ্বাৰা সমৰ্থিত ভাৰত আন্তঃৰাষ্ট্ৰীয় পুতলা মহোৎসৱ ২০২৪ৰ কাৰ্যক্ৰম ৪ দিনীয়া কাৰ্যসূচীৰে অসমৰ ভিন্ন প্ৰান্তত অনুষ্ঠিত হ’ব। এই সমাৰোহ আজিৰে পৰা আৰম্ভ হৈ ১২ জানুৱাৰীলৈ অসমৰ চাৰিখন বিদ্যালয়ত অনুষ্ঠিত হ’ব। তাৰ পৰিপ্ৰেক্ষিতত আজি মহানগৰীৰ ডাউন টাউন বিদ্যালয়ত অনুষ্ঠিত পুতলা নাচৰ অনুষ্ঠানত উপস্থিত থাকে আইএচিএফৰ সঞ্চালক প্ৰধান শ্ৰীবৎস শণ্ডিল্য। উত্তৰ-পূৰ্বাঞ্চলৰ পুতলা পৰম্পৰাক পুনৰুজ্জীৱিত কৰাৰ লক্ষ্য এই উৎসৱৰ মূল কাৰক। পুতলা শিল্পৰ মনোমোহা কলাৰ জৰিয়তে আজিৰ অনুষ্ঠানত ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ পৰা ৰাষ্ট্ৰীয় টেগৰ স্কলাৰশ্বিপ প্ৰাপ্ত বিনীতা দেবীৰ প্ৰশিক্ষণত পুতলা নাচৰ কৰ্মশালাৰ লগতে পুতলা নাচ পৰিবেশিত হয়। বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলক পুতলা নাচ সম্পৰ্কে জ্ঞান প্ৰদান কৰে বিনীতা দেৱীয়ে। নৱ প্ৰজন্মৰ বিশেষকৈ স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ বাবে মনোমোহা কাহিনী প্ৰস্তুত কৰি আজি অনুষ্ঠানত পুতলাৰ নাচৰ জৰিয়তে এখন নাটক লগতে নৃত্যও পৰিবেশন কৰা হয় এই পুতলা সমাৰোহত। প্ৰশিক্ষক বিনীতা দেৱীয়ে কণ কণ ছাত্ৰ-ছাত্ৰী সকলক পুতলা পৰিচালনাৰ কৌশল দেখুৱাই দিয়ে। আজিৰ এই অনুষ্ঠানত লিখক অজয় মৌলিকৰ লবংগ-লতিকা শীৰ্ষক এখন নাট প্ৰদৰ্শনৰ লগতে পুতলাৰ জৰিয়তে বিনীতা দেৱীৰ পৰিচালিত বাগৰুম্বা নৃত্যও প্ৰদৰ্শন কৰে। ডাউন টাউন বিদ্যালয়ৰ অধ্যক্ষ মায়া ফাৰ্ণাণ্ডেজে পুতলা নাচৰ প্ৰয়োজনীয়তা সম্পৰ্কে ছাত্ৰ-ছাত্ৰী সকলৰ সন্মুখত উল্লেখ কৰাৰ লগতে প্ৰদৰ্শিত পুতলা শিল্পৰ ভূয়সী প্ৰশংসা কৰে।