গুৱাহাটীৰ জি এছ ৰোডৰ চিটী চেণ্টাৰত আতংক

গুৱাহাটীৰ জি এছ ৰোডৰ চিটী চেণ্টাৰত আতংক

ৰঙিলী বাৰ্ত্তাসেৱা-  গুৱাহাটীৰ জি এছ ৰোডৰ চিটী চেণ্টাৰত আতংক। বোমাতংকৰ বাবে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয় চিটী চেণ্টাৰত। চাৰিওফালে হুৱাদুৱা লগাৰ পিচতে চিটী চেণ্টাৰৰ কৰ্তৃপক্ষৰ ফালৰ লোৱা হ’ল বিশেষ সতৰ্কতা ৷ চিটী চেণ্টাৰৰ আঠ মহলীয়া বিল্ডিঙৰ পৰা সকলো লোককে ইতিমধ্যে আঁতৰাই পঠিওৱা হৈছে ৷ আধাতে বন্ধ কৰি দিয়া হ’ল পি ভি আৰত চলি থকা চিনেমা ৷ মাইকযোগে ঘোষণা কৰি সকলো লোককে আঁতৰি যোৱাৰ আহ্বান জনাইছে চিটী চেণ্টাৰ কৰ্তৃপক্ষই ৷ ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী, বোমা বিশেষজ্ঞৰ লগতে অগ্নি নিৰ্বাপক বাহিনীৰ বাহন ৷ ঘটনা সন্দৰ্ভত এইপৰ্যন্ত মুখ খোলা নাই আৰক্ষী অথবা চিটী চেণ্টাৰ কৰ্তৃপক্ষই ৷