গুৱাহাটীত ৰাষ্ট্ৰীয় কন্যা সন্তান দিৱসৰ ৰাজ্যিক অনুষ্ঠান

গুৱাহাটীত ৰাষ্ট্ৰীয় কন্যা সন্তান দিৱসৰ ৰাজ্যিক অনুষ্ঠান

দিছপুৰ, ৰঙিলী বাৰ্ত্তাসেৱা- সমগ্ৰ দেশৰ লগতে অসমতো আজি ৰাষ্ট্ৰীয় কন্যা সন্তান দিৱস উদযাপন কৰা হয়। অসম চৰকাৰৰ স্বাস্থ্য সেৱা সঞ্চালকালয় (পৰিয়াল কল্যাণ) আৰু পি চি পি এন ডি টি কোষৰ উদ্যোগত প্ৰতিখন জিলাত জিলা পৰ্যায়ৰ বিভিন্ন অনুষ্ঠানৰ লগতে ৰাজ্যিক অনুষ্ঠান দিছপুৰত অৱস্থিত লোক নিৰ্মাণ বিভাগৰ প্ৰশিক্ষণ আৰু সন্মিলন কেন্দ্ৰৰ সভাগৃহত অনুষ্ঠিত হয়। অনুষ্ঠানত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ আয়ুক্ত সচিব ড০ পি অশোক বাবু, স্বাস্থ্য সেৱা সঞ্চালক কাৰেং ৰংপি, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ সঞ্চালক কমলজিৎ তালুকদাৰ, বিশষ্ট লেখক তথা সমাজকৰ্মী পদ্মশ্ৰী এলি আহমেদকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। সমাজৰ বিভিন্ন ক্ষেত্ৰত মহিলাসকলে আগবঢ়োৱা সেৱা তথা পাৰদৰ্শিতাৰ দ্বাৰা বৰ্তমান কন্যা সন্তানসকলক অনুপ্ৰাণিত কৰাৰ উদ্দেশ্যে চাৰিগৰাকী বিশেষ মহিলা ক্ৰমে ৰাজ্যৰ বিশিষ্ট ল’ন বল খেলুৱৈ, অৰ্জুন বঁটা বিজয়ী নয়নমণি শইকীয়া, বিশিষ্ট সমাজসেৱী তথা নৰ্থ-ইষ্ট নেটৱৰ্কৰ ৰাজ্যিক সমন্বয়ক অনুৰীতা হাজৰিকা পাঠক, নাৰী আৰু শিশু কল্যাণ সমাজৰ সভাপতি নিজৰা দাস আৰু শিশু সাৰথিৰ সঞ্চালক কেতেকী বৰদলৈক তেওঁলোকে সমাজলৈ আগবঢ়োৱা বিশেষ সেৱাৰ বাবে এই অনুষ্ঠানতে সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি কন্যা সন্তানৰ শিক্ষা, স্বাস্থ্য তথা আন্যান্য বিষয়সমূহৰ প্ৰতি সজাগতা সৃষ্টি কৰিবলৈ আজি পুৱাৰে পৰা সজাগতা ৰেলী, বিভিন্ন সাংস্কৃতিক অনুষ্ঠান আদি অনুষ্ঠিত কৰা হয়। অনুষ্ঠানত আশা কৰ্মী, জি এন এম, এ এন এম নাৰ্ছসকলৰ লগতে বহুকেইখন শিক্ষানু্ষ্ঠানৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰে।