গুৱাহাটীত ১১ বজালৈ ২৬.২৫ শতাংশ ভোটদান সম্পন্ন
ৰঙিলী বাৰ্ত্তাসেৱা- বৰপেটা, ধুবুৰী, গুৱাহাটী আৰু কোকৰাঝাৰ সমষ্টিত আজি অনুষ্ঠিত হৈছে লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। অন্তিম পৰ্যায়ত অসমৰ চাৰিটা সমষ্টিত ভোটদান প্ৰক্ৰিয়া পুৱা ৭ বজাৰ পৰা চলি আছে। চাৰিটা লোকসভা সমষ্টিত ৪৭ প্ৰাৰ্থীৰ ভাগ্য বন্দী হ’ব ইভিএমত। পুৱা ১১ বজালৈ অসমত ভোটদানৰ হাৰ ২৭.৩৪ শতাংশ। গুৱাহাটীত ১১ বজালৈ ২৬.২৫ শতাংশ ভোটদান সম্পন্ন হৈছে। কোকৰাঝাৰত ২৮.২৮ শতাংশ, বৰপেটাত ২৭.১৯ শতাংশ আৰু ধুবুৰীত পুৱা ১১ বজালৈ ২৭.৭৭ শতাংশ ভোটদান সম্পন্ন হৈছে। তৃতীয় তথা অন্তিম পৰ্যায়ত ৯,৫১৬টা ভোটকেন্দ্ৰত অনুষ্ঠিত হৈছে ভোটগ্ৰহণ। মুঠ ভোটাৰৰ সংখ্যা ৮১,৪৯,০৯১ গৰাকী। কোকৰাঝাৰ সমষ্টিত মুঠ ১২ গৰাকীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। ধুবুৰী সমষ্টিত ১৩ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ বিপৰীতে বৰপেটা সমষ্টিত প্ৰাৰ্থিত্ব আগবঢ়াইছে ১৪ গৰাকী প্ৰাৰ্থীয়ে। ইফালে, গুৱাহাটী সমষ্টিত ৮ গৰাকী প্ৰাৰ্থীৰ মাজত হৈছে প্ৰতিদ্বন্দ্বিতা।