গুৱাহাটীত স্থপতিবিদক সন্মান দ্য এছ’চিয়েশ্যন অৱ আর্কিটেক্টছ , অসমৰ

pc the Purbottar

গুৱাহাটীত স্থপতিবিদক সন্মান দ্য এছ’চিয়েশ্যন অৱ আর্কিটেক্টছ , অসমৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  বিল্ডাৰ আৰু স্থপতিবিদসকলক সন্মান জনোৱাৰ উদ্দেশ্য হাফেলেই গুৱাহাটীত দ্য এছ’চিয়েশ্বন অৱ আর্কিটেক্টছ , অসমৰ সহযোগিতাত তাজ ভিভান্তাত এক বঁটা প্ৰদান অনুষ্ঠিত হয়৷অনুষ্ঠানত ভাৰত চৰকাৰৰ স্থাপত্য পৰিষদৰ সভাপতি, স্থপতিবিদ হাবীব খান , স্থপতিবিদ প্রকাশ শান্দিল্য , স্থপতিবিদ অমিতাভ শৰ্মা আদি কেইবাজনো স্থপতিবিদ উপস্থিত থাকে৷অনুষ্ঠানৰ আৰম্ভণিতে অতিথিসকলক সম্বর্ধনা জনোৱা হয় , তাৰ পাছত হাফেলে দক্ষিণ এছিয়াৰ পৰিচালন সঞ্চালক জুর্গেন উলফে ভাষণ দিয়ে৷ইয়াৰ পাছতে এক বঁটা প্রদান অনুষ্ঠান অনুষ্ঠিত হয় , য’ত একাধিক ডিজাইনাৰ আৰু স্থপতিবিদক ক্ষেত্ৰখনত কৰা উল্লেখযোগ্য কামৰ বাবে বঁটা প্ৰদান কৰা হয় । ডিজাইনাৰ গিল্ডৰ স্থপতিবিদ দেৱাশিষ চক্রৱর্তী , ক্লিন স্লেট ডিজাইনৰ স্থপতিবিদ মানস ৰাজকুমাৰ আৰু আৰতি ঠাক্কৰ , এবিডিএছৰ স্থপতিবিদ অৰবিন্দ বাৱৰী , ড্রিম স্পেচৰ স্থপতিবিদ কৌশিক দাস , আভাণ্ট গার্ডেৰ স্থপতিবিদ সুমীত বাগ্ৰী আৰু মমতা বগ্ৰী , বাংকা এণ্ড এছ’চিয়েটছৰ স্থপতিবিদ সন্তোষ বাংকা , স্থপতিবিদ আদিত্য গাৰোদিয়া আৰু আৰতি ঠাক্কৰ আদি কেইবাজনক বঁটা প্ৰদান কৰা হয়।উল্লেখ্য, বৃত্তিটোৰ সম্ভাৱনা , মর্যাদা আৰু নৈতিকতা উন্নত কৰাৰ লগতে স্থাপত্যত জনচেতনা অনাৰ ব্যাপক লক্ষ্যৰে ব্যাপক লক্ষ্য ৰাখিছে এছ’চিয়েশ্বন অৱ আর্কিটেক্টছ আছাম । ১৯৮১ চনত প্ৰতিষ্ঠা হোৱাৰ পৰাই দ্য এছ’চিয়েশন অৱ আর্কিটেক্টছ , অসমে কর্মশালা , আলোচনা চক্র , প্রদর্শনীৰ ব্যৱস্থা আৰু অংশগ্ৰহণৰ ক্ষেত্ৰত যথেষ্ট সহায়ক হৈ আহিছে আৰু সমাজৰ সকলো সংশ্লিষ্ট শ্ৰেণীলৈ ক্ষেত্ৰখনৰ তথ্য , ধাৰা আৰু প্ৰযুক্তিগত উন্নতি প্ৰদানৰ দিশত নিৰ্দেশিত৷