গুৱাহাটীত মাছ’ৰ ৩২ সংখ্যক প্ৰতিষ্ঠা দিৱস

গুৱাহাটীত মাছ’ৰ ৩২ সংখ্যক প্ৰতিষ্ঠা দিৱস

ৰঙিলী বাৰ্ত্তাসেৱা-  মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ জন্ম হোৱা ৩২ বছৰ হ’ল। গুৱাহাটীৰ চানমাৰিস্থিত পেন্সনাৰ ভৱনত অনুষ্ঠিত ‘মাছ’ৰ প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত অসমৰ জনগনৰ মানৱ অধিকাৰ ৰক্ষাৰ সংগ্ৰামখনি আগবঢ়াই  নিবলৈ সংগঠনটোৱে দৃঢ় সংকল্পৰ কথা দোহাৰে৷ বিশেষভাৱে সক্ষম মানৱাধিকাৰ কৰ্মী জি,এন চাইবাবাকে ধৰি দেশৰ গণতান্ত্ৰিক অধিকাৰ আন্দোলনৰ বহুকেইজন আগশাৰীৰ নেতাক আপাৰ দৰে কুখ্যাত আইনত ভূৱা গোচৰত কাৰাবন্দী কৰি ৰখা কাৰ্যক মুকলি সভাখনত গৰিহণা দিয়া হয় আৰু এনে কাৰ্যৰ প্ৰতিবাদ কৰি সকলো ৰাজনৈতিক বন্দীকে বিনাস্বৰ্তে মুক্তি দিবলৈ দাবী জনোৱা হয়৷’মাছ’এ আগন্তুক দিনবোৰত মানৱ অধিকাৰ উলংঘনৰ সকলো তথ্য সংগ্ৰহ,প্ৰচাৰ আৰু প্ৰতিবাদ তথা আইনী প্ৰতিকাৰৰ হকে কাম কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰি এইক্ষেত্ৰত ইংৰাজীত ’ভয়চ অব মাছ’ আৰু অসমীয়াত ’মানৱ অধিকাৰ’ নামৰ মুখপত্ৰ দুখন নিয়মীয়াকৈ প্ৰকাশ কৰাৰো  কৰ্মসূচী গ্ৰহণ কৰে।সংগঠনটোৱে এচাম সৰ্বক্ষণীয়া সজাগ-সচেতন মানৱাধিকাৰকৰ্মী গঢ় দিয়াৰ উদেশ্যে ডিচেম্বৰ মাহত দেশ-বিদেশৰ সমল ব্যক্তিৰ অংশগ্ৰহণেৰে দুদিনীয়াকৈ এখন কৰ্মশালা আয়োজন কৰিবলৈকো প্ৰস্তাৱ গ্ৰহণ কৰে৷’মাছ’ৰ সচিব প্ৰধান  লক্ষীপ্ৰসাদ ডেকাই আঁত ধৰা আৰু অধ্যক্ষ  আদিত্য লহকৰে সভাপতিত্ব কৰা মুকলি সভাখনত প্ৰতিষ্ঠাপক অধ্যক্ষ সাংসদ অজিত কুমাৰ ভূঞা, উপদেষ্টা বুবুমনি গোস্বামী, লাচিত বৰদলৈ,আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়া, বিশিষ্ট বুদ্ধিজীৱী ৰফিউল হুছেইন বৰুৱা,ৰাজকুমাৰ বৈশ্য, মাছৰ কা: অধ্যক্ষ কেশৱ চহৰীয়া,  উপাধ্যক্ষ কমল বৰা  আৰু মাছৰ কেন্দ্ৰীয় তথা জিলাৰ বহুসংখ্যক কৰ্মীয়ে অংশগ্ৰহণ কৰে৷ পুৱা বামুনীমৈদামৰ কেন্দ্ৰীয় কাৰ্যালয়ত প্ৰতিষ্ঠা দিৱসৰ পতাকা উত্তোলন কৰে অধ্যক্ষ আদিত্য লহকৰে আৰু শ্বহীদ পৰিয়ালৰ দ্বাৰা শুভাৰম্ভ কৰা শ্বহীদ তৰ্পণ অনুষ্ঠাানত শ্ৰদ্ধাঞ্জলি প্ৰদান কৰে সমবেত ’মাছ’ৰ কৰ্মীসকলে৷