গুৱাহাটীত বুজন পৰিমাণৰ ড্ৰাগসহ তিনি সৰবৰাহ কাৰীক গ্ৰেপ্তাৰ

pc- National institute on drugs abuse

গুৱাহাটীত বুজন পৰিমাণৰ ড্ৰাগসহ তিনি সৰবৰাহ কাৰীক গ্ৰেপ্তাৰ

ৰঙিলী বাৰ্ত্তাসেৱা- নিশা মহানগৰীৰ ঘোঁৰামৰাত আৰক্ষীৰ অভিযান৷ সুৰুজমুখী পথৰ হাউচ নং 31(A)ৰ পৰা জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ৷ অভিযানত ড্ৰাগছসহ আটক তিনিজন যুৱক৷মধ্য আৰক্ষী জিলাৰ ADCP কল্যাণ পাঠকৰ নেতৃত্বত চলিছিল অভিযান৷ বিয়লিৰ পৰা প্ৰায় ৬ ঘণ্টা ধৰি ঘৰটোৰ প্ৰতিটো কোঠা তন্ন তন্নকৈ তালাচী চলাইছিল অভিযানকাৰী দলটোৱে৷  অভিযানৰ সবিশেষ তথ্য প্ৰকাশ কৰিছে মধ্য আৰক্ষী জিলাৰ ADCP কল্যাণ পাঠকে।ধৃত ড্ৰাগছ সৰবৰাহকাৰী কেইটা হৈছে অভি দাস (37,নলবাৰী), দীপাংকৰ দাস,( 31, হাইলাকান্দি ) আৰু মিল্টন চক্ৰৱৰ্তী (32,শ্বিলং)। মধ্য আৰক্ষী জিলাৰ ADCP কল্যাণ পাঠক৷