গুৱাহাটীত প্ৰভুজী পিডৰ ফুড ফ্ৰেন্সাইজি ষ্টোৰ মুকলি

Pc Zomato

গুৱাহাটীত প্ৰভুজী পিডৰ ফুড ফ্ৰেন্সাইজি ষ্টোৰ মুকলি

ৰঙিলী বাৰ্ত্তাসেৱা-  ভাৰতৰ আটাইতকৈ নিৰ্ভৰযোগ্য আৰু বিশ্বস্ত এফএমচিজি ব্ৰেন্দ প্ৰভুজী পিউৰ ফুডয়ে গুৱাহটীৰ জু ৰোডত উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে প্ৰথমখন এক্সকলুছিভ ষ্টোৰ মুকলিৰে ভাৰতত ইয়াৰ বিকাশৰ যাত্ৰা অব্যাহত ৰাখিছে৷এই ষ্টোৰখন মুকলিৰে প্ৰভুজীয়ে ইয়াৰ খুচুৰা ষ্টোৰ শাখাৰ সম্প্ৰসাৰণ কৰিছে আৰু আৰু উত্তৰ পূৰ্বাঞ্চলত ইয়াৰ বিতৰণ চেনেল মজবুত কৰিছে৷এই ষ্টোৰখন আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে অসমীয়া চলচ্চিত্ৰ জগতৰ জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়াই৷মিঠাই আৰু নিমখৰ খাদ্যৰ উন্নত পেকিঙৰ সৈতে গ্ৰাহকক গুণগত মানৰ আৰু স্বাস্হ্যকা সেৱা আগবঢ়াব পৰাকৈ ডিজাইন কৰা হৈছে এই প্ৰভুজী ৰেষ্টুৰেন্ট তথা খুচুৰা ষ্টোৰখন৷প্ৰতিষ্ঠাপক,অধ্যক্ষ প্ৰভু শংকৰ আগৰৱালে গ্ৰাহকৰ সৈতে পোনপতীয়াকৈ সংযোগ স্থাপন কৰিব পৰাকৈ এই ষ্টোৰখন ডিজাইন কৰিছে৷এই ষ্টোৰৰ জৰিয়তে এতিয়া অতি সহজে আৰু প্ৰত্যক্ষভাৱে প্ৰস্তুতকৰণ গোটৰ পৰা সামগ্ৰীসমূহ আগবঢ়াব৷