গুৱাহাটীত প্ৰথমগৰাকী HMPV ভাইৰাছত আক্ৰান্ত ৰোগী চিনাক্ত
ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটীত প্ৰথমগৰাকী HMPV ভাইৰাছত আক্ৰান্ত ৰোগী চিনাক্ত।এগৰাকী ৭৫ বছৰীয়া মহিলাৰ দেহত ধৰা পৰিছে HMPV ভাইৰাছ। জানিব পৰা মতে মহানগৰীৰ খ্ৰীষ্টানবস্তিস্থিত এপল’ হাস্পাতালত বৰ্তমান ৰোগীগৰাকী চিকিৎসাধীন হৈ আছে। এপল’ হাস্পাতালত চিকিৎসাধীন অৱস্থাত থকা HMPV ভাইৰাছত আক্ৰান্ত ৰোগীগৰাকী এগৰাকী বয়োজ্যেষ্ঠ মহিলা। প্ৰথম অৱস্থাত মহিলাগৰাকীয়ে উশাহ-নিশাহত কষ্ট পাইছিল আৰু চিকিৎসা কৰিবলৈ হাস্পাতালত উপস্থিত হৈছিল। পৰৱৰ্তী সময়ত চিকিৎসকে নিশ্চিত কৰে মহিলাগৰাকী HMPV ভাইৰাছত আক্ৰান্ত হোৱা বুলি। এই সন্দৰ্ভত হাস্পাতাল কৰ্তৃপক্ষৰ উদয় শংকৰ বৰকটকীয়ে কয় যে, হাস্পাতালত চিকিৎসাধীন হৈ থকা ৭৫ বছৰীয়া মহিলাগৰাকী এইচ এম পি ভি ভাইৰাছত আক্ৰান্ত হোৱা বুলি নিশ্চিত হৈছে। বৰ্তমান মহিলাগৰাকীৰ চিকিৎসা চলি আছে। প্ৰথমে মহিলাগৰাকীয়ে উশাহ- নিশাহ লোৱাত কষ্ট পাইছিল আৰু পৰৱৰ্তী সময় এই ভাইৰাছত আক্ৰান্ত বুলি চিনাক্ত হৈছিল।