গুৱাহাটীত পুনৰ ভূমিস্খলন

গুৱাহাটীত পুনৰ ভূমিস্খলন

ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটীৰ নুনমাটিৰ অজন্তা নগৰত আন এক ভূমিস্খলন সংঘটিত হয়। যাৰ ফলত তিনিজন লোক আহত হৈছে। এই ভূমিস্খলন পুৱা প্ৰায় ৬.৩০ বজাত ভূমিস্খলন হৈছে। ইপিনে, আঘাতপ্ৰাপ্ত কেইজনৰ এগৰাকী মিনু হাজৰিকা বুলি চিনাক্ত কৰা হৈছে আৰু তেওঁৰ বাওঁ বাহু আৰু সোঁ হাতত আঘাত পাইছে। লগতে আন দুগৰাকী ক্ৰমে দৰ্শনা হাজৰিকা আৰু দেবাশীষ হাজৰিকা আঘাত প্ৰাপ্ত হৈছে। তেওঁলোকক ততাতৈয়াকৈ জিএমচিএইচ লৈ যোৱা হৈছে আৰু বৰ্তমান তেওঁলোকৰ স্বাস্থ্য সামান্য সুস্থিৰ হোৱা বুলি জানিব পৰা গৈছে। ইয়াৰ উপৰি, গুৱাহাটীৰ কামাখ্যাৰ পৰাও ভূমিস্খলনৰ খবৰ পোৱা গৈছে, য’ত এজন লোক আহত হৈছে। আহত ব্যক্তিজন মনি দত্ত বুলি চিনাক্ত কৰা হৈছে। পাহাৰৰ পৰা খহি অহা মাটিয়ে মনদীপ মজুমদাৰ নামৰ মানুহ এজনৰ বাসগৃহৰ দেৱালত হেচা মাৰি ধৰে। উল্লেখ্য যে, যোৱা তিনিদিনত সমগ্ৰ অসমত ভূমিস্খলনত এতিয়ালৈকে ৬ জন লোকৰ মৃত্যু হৈছে। লগতে, ৰাজ্যখনত এই বছৰ বান পানী আৰু ভূমিস্খলনৰ ফলত ৪৪ জন লোকৰ মৃত্যু পঞ্জীয়ন কৰা হৈছে।