গুৱাহাটীত ছিনিয়ৰ ৰাষ্ট্ৰীয় ফেন্সিং চেম্পিয়নশ্বিপ আৰম্ভ

গুৱাহাটীত ছিনিয়ৰ ৰাষ্ট্ৰীয় ফেন্সিং চেম্পিয়নশ্বিপ আৰম্ভ

ৰঙিলী বাৰ্ত্তাসেৱা-  সৰুসজাই ক্ৰীড়া প্ৰকল্পস্থিত কৰ্মবীৰ নবীনচন্দ্র বৰদলৈ ইনডোৰ ষ্টেডিয়ামত দেওবাৰৰ পৰা ৩৪ সংখ্যক ছিনিয়ৰ ৰাষ্ট্ৰীয় ফেন্সিং প্ৰতিযোগিতা আৰম্ভ হৈছে। প্ৰতিযোগিতাখনত ২৭খন ৰাজ্যৰ মূঠ ৭৫০জন খেলুৱৈ আৰু অফিচিয়েলে অংশগ্ৰহণ কৰিছে। আজি পুৱা অনুষ্ঠিত ছিনিয়ৰ ৰাষ্ট্ৰীয় ফেন্সিং প্ৰতিযোগিতাখনৰ উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্রীৰ বিশেষ কৰ্তব্যৰক্ষী বিষয়া হেমন্ত চৌধুৰী মুখ্য অতিথি হিচাপে উপস্থিত থাকে। তদুপৰি ভাৰতীয় ফেন্সিং সন্থাৰ সচিব প্ৰধান আৰু কোষাধ্যক্ষ ক্ৰমে ৰাজীৱ মেহতা আৰু বছিৰ আহমেদ খান, বক্সিং ফেডাৰেশ্বন অৱ ইণ্ডিয়াৰ সচিব হেমন্ত কুমাৰ কলিতা, অসম ফেন্সিং সন্থাৰ সভাপতি তথা বিধায়ক দূৰ্গা দাস বড়ো, চাইক্নিং সন্থা অসমৰ সাধাৰণ সম্পাদক ভ০ তপন দাস, ৰাউণ্ড টেবল ইণ্ডিয়া আৰু লেডিছ চাৰ্কল ইণ্ডিয়াৰ সদস্যসকল, অসম ফেন্সিং সন্থাৰ উপ সভাপতি পংকজ আগৰৱাল আৰু জয়প্ৰকাশ যাদৱ তথা অসম ফেন্সিং সন্থাৰ সাধাৰণ সম্পাদক বিপুল কুমাৰ শৰ্মা, যুটীয়া সম্পাদক দেবেন্দ্র কুমাৰ চাহু আৰু কোষাধ্যক্ষ অংশুমান দত্ত উপস্থিত থাকে। চেম্পিয়নশ্বিপখন ৩১ জানুৱাৰীত অন্ত পৰিব।