গুৱাহাটীত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

গুৱাহাটীত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

ৰঙিলী বাৰ্ত্তাসেৱা-  গুৱাহাটীত উপস্থিত হ’ল প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী। বৰঝাৰস্থিত লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমানবন্দৰত বিশেষ বিমানযোগে অৱতৰণ কৰা প্ৰধানমন্ত্ৰীগৰাকীক উষ্ম আদৰণি জনায় ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া, মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই। খানাপাৰাৰ অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত দিনৰ ১১.৩০ বজাত অনুষ্ঠিত এক বিশাল ৰাজহুৱা সভাৰ পৰাই প্রধানমন্ত্রীগৰাকীয়ে ৰাজ্যবাসীক উপহাৰ দিব ১১,৫৯৯ কোটি টকাৰ প্রকল্প। এই অনুষ্ঠানৰ পৰাই ১০টা প্ৰকল্পৰ আধাৰশিলা স্থাপনৰ লগতে কেইবাটাও প্রকল্পৰ উদ্বোধনো কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে।  গুৱাহাটীত উপস্থিত হোৱা প্রধানমন্ত্রীগৰাকীক জাতি-জনগোষ্ঠীৰ গীত-মাতেৰে উষ্ম আদৰণি জনোৱা হয়। ৰাজ্যৰ বিভিন্ন জাতি- জনগোষ্ঠীৰ নৃত্য-গীত, পৰম্পৰাগত নৃত্যৰ অভিবাদন গ্রহণ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। বিমানবন্দৰৰ পৰাই পোনে পোনে গুৱাহাটীৰ মাজেৰে প্ৰধানমন্ত্ৰীগৰাকী উপস্থিত হয় কইনাধৰাস্থিত ৰাজ্যিক অতিথিশালাত। গুৱাহাটীৰ মাজেৰে পাৰ হৈ যোৱা প্ৰধানমন্ত্ৰীৰ কনভয়  প্রত্যক্ষ কৰিবলৈ ৰাজপথৰ দুয়োকাষে যথেষ্ট ৰাইজৰ ভিৰ পৰিলক্ষিত হয়। এক কথাত ক’বলৈ গ’লে মোদীময় হোৱা সন্ধিয়াৰ মহানগৰীত উদ্বেলিত হৈ পৰে সৰ্বস্তৰৰ জনগণ। প্রধানমন্ত্রী মোদীৰ আগমনক কেন্দ্র কৰি গুৱাহাটী মহানগৰীখন ভিন্নৰঙী আলোকেৰে উদ্ভাসিত হৈ পৰে। উৎফুল্লিত ৰাইজক দেখি প্রধানমন্ত্ৰীগৰাকীয়েও গাড়ীৰ পৰা হাত জোকাৰি অভিবাদন জনালে। প্ৰথমবাৰৰ বাবে প্রধানমন্ত্রী এগৰাকীয়ে এনেদৰে গুৱাহাটীৰ ৰাজপথৰ মাজেৰে পাৰ হৈ যোৱা প্রত্যক্ষ কৰিবলৈ পাই যথেষ্ট উৎফুল্লিত হোৱা বুলি অনুভব ব্যক্ত কৰিলে বহুজনে।

উল্লেখ্য যে  প্রধানমন্ত্রীয়ে  খানাপাৰাত কেইবাটাও প্রকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে এক লাখতকৈও অধিক সমবেত লোকক সম্বোধন কৰিব। ইতিমধ্যে প্রধানমন্ত্রীগৰাকীৰ আগমনক লৈ ব্যাপক উৎসাহ পৰিলক্ষিত হৈছে ৰাজ্যিক বিজেপিত। খানাপাৰাত হ’ব লগা বিশাল জনসভাৰ বাবে প্রস্তুতি সম্পূর্ণ কৰি তোলা হৈছে। এক লাখতকৈ অধিক লোক সমবেত হ’ব লগা বিশাল জনসভাৰ পৰাই প্রধানমন্ত্রী মোদীয়ে লোকসভা নির্বাচনৰ ৰণদুন্দুভি বজাব। এইবাৰ বিজেপিয়ে উত্তৰ-পূবৰ মুঠ ২৫খন আসনক বিশেষ লক্ষ্য কৰি লৈছে। মুখ্যতঃ এই লক্ষ্যৰে কিছু আগতীয়াকৈ নির্বাচনী প্রস্তুতি আৰম্ভ কৰা বিজেপিয়ে  প্রধানমন্ত্রী মোদীৰ জনসভাৰ জৰিয়তে কার্যতঃ আৰম্ভ কৰিব নির্বাচনী প্রচাৰ অভিযান। এই বিশাল জনসভাক সম্বোধি প্রধানমন্ত্রীগৰাকীয়ে অসম তথা উত্তৰ-পূবত নির্বাচনৰ ৰণডংকা বজাব।যুৱ মৰ্চাৰ উদ্যোগত প্রধানমন্ত্রী মোদীক সম্ভাষণ জনাবলৈ বিজেপিৰ দখলত থকা প্রতিটো সমষ্টিৰ পৰাই বাইক ৰেলীৰে যুৱ মৰ্চাৰ সদস্যসকল গুৱাহাটীত উপস্থিত হৈছে। শিৱসাগৰ, যোৰহাট, গোলাঘাট, নগাঁও, কলিয়াবৰ, হোজাই, মৰিগাঁও, শোণিতপুৰ, বঙাইগাঁও, কামৰূপ, নলবাৰী আদি জিলাৰ পৰা প্রায় দুই সহস্রাধিক সদস্যই বাইক ৰেলীৰে ৰজ্যিক বিজেপিৰ বশিষ্ঠস্থিত মুখ্য কার্যালয়ত উপস্থিত হয়। উল্লেখ্য যে  বিশাল জনসভাত প্রধানমন্ত্রী মোদীয়ে ১০টা প্রকল্পৰ আধাৰশিলা স্থাপন কৰিব আৰু আন দুটা প্রকল্প দেশবাসীৰ বাবে উৎসর্গা কৰিব। ১১,৫৯৯ কোটি টকা ব্যয়সাপেক্ষে আধাৰশিলা স্থাপন হ’ব লগা এই প্রকল্পসমূহৰ ভিতৰত আছে- মা কামাখ্যা দিব্যলোক পৰিযোজনা, লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্রীয় বিমানবন্দৰ সংযোগী পথৰ বহলীকৰণ, অসমমালা ২.০ৰ অধীনত ৩৮খন দলং নিৰ্মাণৰ লগতে ৪৩টা পথৰ উন্নীতকৰণ, নেহৰু ষ্টেডিয়ামক ফিফাৰ মানৰ ফুটবল ষ্টেডিয়ামলৈ উন্নীতকৰণ, চন্দ্রপুৰত ষ্টেডিয়াম, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ আন্তঃগাঁথনি উন্নয়ন, কৰিমগঞ্জ চিকিৎসা মহাবিদ্যালয় আৰু ইউনিটা হল। আনহাতে প্রধানমন্ত্রীগৰাকীয়ে বিশ্বনাথ চাৰিআলিৰ পৰা গহপুৰ সংযোগী চাৰিলেনযুক্ত পথ আৰু দোলাবাৰীৰ পৰা জামুগুৰি সংযোগী চাৰিলেনযুক্ত পথ দেশবাসীৰ বাবে উৎসর্গা কৰিব।