গুৱাহাটীত উপস্থিত প্ৰধানমন্ত্ৰীৰ নিৰাপত্তা উপদেষ্টা অজিত দোভাল

Pc- The Print

গুৱাহাটীত উপস্থিত প্ৰধানমন্ত্ৰীৰ নিৰাপত্তা উপদেষ্টা অজিত দোভাল

ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটীত উপস্থিত ভাৰতৰ প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত দোভাল। বিশেষ কাৰ্যসূচী হাতত লৈ বৰঝাৰ বিমানবন্দৰত উপস্থিত হয় ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাগৰাকী। সপৰিয়ালে গুৱাহাটীত উপস্থিত হোৱা নিৰাপত্তা উপদেষ্টাগৰাকীক  বিমানবন্দৰতে আদৰণি জনাই আৰক্ষী আয়ুক্ত ভাস্কৰজ্যোতি মহন্তসহ আৰক্ষীৰ উচ্চ পদস্থ বিষয়াই। বিমানবন্দৰৰ পৰা কটকটীয়া নিৰাপত্তাৰে লৈ যোৱা হয় অজয় দোভালক।নিৰাপত্তাজনিত কাৰণত ৰাজহুৱা কৰা হোৱা নাই ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাগৰাকীৰ কাৰ্যসূচী। উল্লেখ্য যে, অজিত দোভালে অলপতে আকস্মিকভাৱে পশ্চিমবংগত উপস্থিত হৈ সপৰিয়ালে দার্জিলিং ভ্ৰমন কৰিছিল।