গুৱাহাটীত উপস্থিত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী
ৰঙিলী বাৰ্ত্তাসেৱা- ঝুমইৰ বিনন্দিনী আৰু এডভান্টেজ আছাম ২.০ত অংশগ্ৰহণৰ উদ্দেশ্যে দুদিনীয়া কাৰ্যসূচীৰে গুৱাহাটী বিমানবন্দৰত উপস্থিত হয় প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী। বিয়লি প্রায় ৬.১০ বজাত বিশেষ বিমানেৰে বৰঝাৰস্থিত বিমানবন্দৰত উপস্থিত হোৱা প্ৰধানমন্ত্ৰীগৰাকীক বিমানবন্দৰতে আদৰণি জনায় ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্য, মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা, মন্ত্রী অতুল বৰা, ৰঞ্জিত দাসকে ধৰি কেইবাজনো মন্ত্রী-শীর্ষ বিষয়াই। বিমানবন্দৰৰ পৰাই বিশাল কনভয়েৰে সৰুসজাইলৈ অহা প্ৰধানমন্ত্ৰীগৰাকীক সাধাৰণ জনতাই জনালে বিশেষ সম্ভাষণ। প্রধানমন্ত্ৰীৰ আগমনক কেন্দ্ৰ কৰি প্ৰায় দুপৰীয়াৰ পৰাই ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে সমৱেত হৈছিল হাজাৰ হাজাৰ লোক। আনহাতে, বিমানবন্দৰতো প্ৰধানমন্ত্ৰীগৰাকীক আদৰিবলৈ আয়োজন কৰা হৈছিল বিশেষ নৃত্য-শিল্পীৰ দল। ৰাজ্যখনৰ থলুৱা তথা পৰম্পৰাগত নৃত্য-গীত আৰু কলা-কৃষ্টিৰে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী পদার্পণ কৰাৰ পাছতে আদৰণি জনোৱা হয়। বিমানবন্দৰৰ পৰা সৰসজাইলৈ সাধাৰণ জনতাৰ অভিবাদন গ্ৰহণৰ বাবে ধীৰ গতিৰে প্ৰধানমন্ত্ৰীৰ কনভয় আগবাঢ়ে। এই পথছোৱাত পথৰ দুয়োকাষে থকা হাজাৰ হাজাৰ জনতাই প্ৰধানমন্ত্ৰীগৰাকীলৈ পুষ্পবৃষ্টিৰে আদৰণি জনোৱাৰ লগতে ‘প্রধানমন্ত্রী মোদী জিন্দাবাদ’, ‘মোদী মোদী’ আদি ধ্বনিৰে প্ৰধানমন্ত্ৰীগৰাকীৰ আগমনক লৈ বিশেষ উৎসাহ প্রদান কৰে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়েও বহি থকা বাহনৰ পৰাই হাত জোকাৰি জোকাৰি ৰাইজৰ উৎসাহক সমর্থন জনোৱাৰ লগতে অভিবাদনো গ্রহণ কৰে। উল্লেখ্য যে বিমানবন্দৰৰ পৰা পোনে পোনে সৰুসজাইত উপস্থিত হোৱা প্রধানমন্ত্রী মোদীয়ে আনুষ্ঠানিকভাবে ঝুমইৰ বিনন্দিনী অনুষ্ঠানৰ শুভাৰম্ভ কৰে। সন্ধিয়া এডভান্টেজ আছাম ২.০ৰ প্ৰদৰ্শনী মুকলি কৰে।