গুৱাহাটীত উপস্থিত আলোচনাপন্থী আলফা নেতৃত্ব

গুৱাহাটীত উপস্থিত আলোচনাপন্থী আলফা নেতৃত্ব

ৰঙিলী বাৰ্ত্তাসেৱা-  শান্তি চুক্তি স্বাক্ষাৰ কৰাৰ পিছতে নতুন দিল্লীৰ পৰা পোনে পোনে গুৱাহাটীত উপস্থিত হৈছে আলোচনাপন্থী আলফা নেতৃত্ব। আজি পুৱা গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত উপস্থিত হৈছে অৰবিন্দ ৰাজখোৱা, ৰাজু বৰুৱা, শশধৰ চৌধুৰী সমন্বিতে ১৬জনীয়া আলফা নেতৃত্ব। বৰঝাৰ বিমানবন্দৰত উপস্থিত হোৱা দলটোক আৰদণি জনায় উষ্ম আদৰণি জনায় বিভিন্ন দল-সংগঠনে। গামোচা পিন্ধাই, ঢোলে-ডগৰে আলফা নেতৃত্বক আদৰণি জনোৱা হয়। গুৱাহাটীত উপস্থিত হোৱাৰ পিছতে আলফাৰ সভাপতি অৰবিন্দ ৰাজখোৱাই সংবাদ মাধ্যমৰ আগত কয়, ‘‘৩ বজাত আমি কলাক্ষেত্ৰত যাম। তাত বিস্তৃভাৱে কথা পাতিম।’’ইফালে, আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াই কয়, ‘‘সমালোচনা হ’বই, আমি কাম কৰি যাম। সমালোচনাক আশীৰ্বাদ হিচাপে লৈছো।’’আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত বিয়লি ৩ বজাত সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ১০৭টা জাতীয় সংগঠনক জনোৱা হ’ব সম্বৰ্ধনা। এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাও উপস্থিত থকাৰ সম্ভাৱনা আছে। জাতীয় অভিৱৰ্তনক সহযোগ কৰা সকলোকে জনাব সম্বৰ্ধনা। বিশিষ্ট বুদ্ধিজীৱী ড০ হীৰেন গোহাঁইৰ লগতে কেইবাজনো গণ্যমান্য লোক সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকিব।