গুৰু তেগ বাহাদুৰৰ ৪০০ তম প্ৰকাশ পূৰবৰ ওপৰত মুদ্ৰা আৰু এটা ডাক টিকট মুকলি কৰে প্ৰধানমন্ত্ৰী মোদীয়ে 

pc Hindustan Times

গুৰু তেগ বাহাদুৰৰ ৪০০ তম প্ৰকাশ পূৰবৰ ওপৰত মুদ্ৰা আৰু এটা ডাক টিকট মুকলি কৰে প্ৰধানমন্ত্ৰী মোদীয়ে 

ৰঙিলী বাৰ্ত্তাসেৱা-  প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নৱম শিখ গুৰু গুৰু তেঘ বাহাদুৰৰ ৪০০ তম বাৰ্ষিকী উপলক্ষে এটা স্মাৰক মুদ্ৰা আৰু এটা ডাক টিকট মুকলি কৰে। মোদীয়ে এই উদযাপন উপলক্ষে ঐতিহাসিক লালকিল্লাৰ পৰা দেশবাসীক সম্বোধন কৰে।” মই সুখী যে আজি আমাৰ দেশ আমাৰ গুৰুসকলৰ আদৰ্শৰ ওপৰত সম্পূৰ্ণ ভক্তিৰে আগবাঢ়ি ছে। এই সৎ অনুষ্ঠানত, মই দহজন গুৰুৰ ভৰিত নমস্কাৰ জনাইছো। প্ৰকাশ পৰ্ব উপলক্ষে আপোনালোক সকলোকে আন্তৰিক অভিনন্দন জনাইছো,” তেওঁ ৰাষ্ট্ৰীয় ৰাজধানীৰ লালকিল্লাৰ প্ৰাচীৰৰ পৰা কয়। “গুৰু তেগ বাহাদুৰে ঔৰঙ্গজেবৰ বিৰুদ্ধে থিয় দিছিল। লালকিল্লা ঔৰঙ্গজেবৰ অত্যাচাৰৰ সাক্ষী। গুৰুৰ ত্যাগে আমাৰ মূল্যবোধক সুৰক্ষিত কৰিছিল,” তেওঁ লগতে কয়।