গুৰুতৰভাৱে অসুস্থ অভিনেতা মিথুন চক্ৰৱৰ্তী

Pc Jansatta

গুৰুতৰভাৱে অসুস্থ অভিনেতা মিথুন চক্ৰৱৰ্তী

ৰঙিলী বাৰ্ত্তাসেৱা- গুৰুতৰভাৱে অসুস্থ অভিনেতা মিথুন চক্ৰৱৰ্তী। চেৰিব্রেল ষ্ট্র’কত আক্ৰান্ত হোৱা বলীউডৰ প্রবীণ অভিনেতা মিথুন চক্রৱতীক কলকাতাৰ এপ’ল’ হাস্পতালত ভর্তি কৰোৱা হৈছে। বর্তমান হাস্পতালখনৰ আইচিইউত চিকিৎসাধীন হৈ থকা ৭৩ বছৰীয়া অভিনেতা মিথুন চক্ৰৱৰ্তীৰ আশু আৰোগ্য কামনা কৰি চলচ্চিত্র জগতৰ ৰথী-মহাৰথীৰ লগতে শুভাকাংক্ষীয়ে ভগৱানৰ ওচৰত প্রার্থনা জনাইছে। কলকাতাত ‘শাস্ত্রী’ শীর্ষ বঙালী ছবি এখনৰ শুটিঙত ব্যস্ত থকা অভিনেতা মিথুন চক্রবর্তী আজি পুৱা হঠাতে অসুস্থ হৈ পৰে। লগে লগে তেওঁক এপ’ল’ হাস্পতালত ভর্তি কৰোৱা হয়। ১৯৭৭ চনত ‘মৃগয়া’ ছবিৰে চলচ্চিত্র জগতত প্ৰৱেশ কৰা মিথুন চক্রবর্তীয়ে উক্ত ছবিখনত দুর্দান্ত অভিনয়ৰ বাবে ৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সক্ষম হয়।