গুলজাৰ আৰু জগতগুৰু ৰামভদ্ৰাচার্যলৈ জ্ঞানপীঠ বঁটা 

গুলজাৰ আৰু জগতগুৰু ৰামভদ্ৰাচার্যলৈ জ্ঞানপীঠ বঁটা 

ৰঙিলী বাৰ্ত্তাসেৱা- প্রখ্যাত উর্দু কবি- গীতিকাৰ গুলজাৰ আৰু সংস্কৃত পণ্ডিত, জগতগুৰু ৰামভদ্ৰাচার্যলৈ দেশৰ সাহিত্যৰ সৰ্বোচ্চ সন্মান জ্ঞানপীঠ বঁটা আগবঢ়োৱা হৈছে।জ্ঞানপীঠ বঁটা নির্বাচন কমিটীয়ে এক বিবৃতিযোগে ৫৮সংখ্যক জ্ঞানপীঠ বঁটা-২০২৩ চনৰ কাৰণে দুই প্রখ্যাত লেখক উর্দুৰ কাৰণে গুলজাৰ আৰু সংস্কৃতৰ কাৰণে জগতগুৰু ৰামভদ্ৰাচাৰ্যলৈ এই বঁটা আগবঢ়োৱা হৈছে বুলি ঘোষণা কৰে। জ্ঞানপীঠ বঁটা বিজয়ী প্রখ্যাত সাহিত্যিক প্রতিভা ৰয়ৰ অধ্যক্ষতাত জ্ঞানপীঠ বঁটা নির্বাচন কমিটীয়ে ২০২৩ চনৰ কাৰণে উর্দু আৰু সংস্কৃতৰ প্ৰখ্যাত দুই সাহিত্যিক গুলজাৰ আৰু জগতগুৰু ৰামভদ্ৰাচাৰ্যলৈ আগবঢ়োৱাৰ সিদ্ধান্ত গ্রহণ কৰে। ভাৰতীয় সাহিত্যত অনবদ্য বৰঙণি আগবঢ়োৱাৰ বাবে ১৯৫৬ চনৰ পৰা ভাৰতীয় জ্ঞানপীঠে এই সন্মানীয় বঁটাটো প্ৰদান কৰি আহিছে। সংস্কৃত লেখক হিচাপে দ্বিতীয়বাৰৰ বাবে জগতগুৰু ৰামভদ্ৰাচাৰ্য আৰু পঞ্চমবাৰৰ বাবে উর্দু সাহিত্যিক গুলজাৰক এই বঁটা প্ৰদান কৰা হয়। প্রসিদ্ধ সংস্কৃত পণ্ডিত, জগতগুৰু ৰামভদ্ৰাচাৰ্য উত্তৰ প্ৰদেশৰ জোনপুৰৰ খান্দিখুদ গাঁৱত ১৯৫০ চনত জন্মগ্রহণ কৰে। প্ৰসিদ্ধ পণ্ডিত, শিক্ষাবিদ লেখক, ধর্মগুৰু, দার্শনিক, ধর্মীয় নেতা হিচাপে তেওঁ উত্তৰ প্ৰদেশৰ চিত্ৰকূটত বসবাস কৰি আছে। ৰামানন্দ পন্থৰ চাৰি জগতগুৰু ৰামানন্দচাৰ্যৰ অন্যতম জগতগুৰু ৰামভদ্ৰাচাৰ্যই ১৯৮৮ চনৰ পৰা এই আসনত অধিষ্ঠিত হৈ আছে। ধর্মীয় আৰু সামাজিক সেৱা প্রতিষ্ঠান তুলসীপীঠৰ প্রতিষ্ঠাতা অধ্যক্ষ, জগতগুৰু ৰামভদ্রাচার্যই ২২টা ভাষাত কথা ক’ব পাৰে। তেওঁ এগৰাকী কবি আৰু লেখক। সংস্কৃত, হিন্দী, অৱধি আৰু মৈথালী শাখাকে ধৰি কেইবাটাও ভাষাত তেওঁ সাহিত্য চর্চা কৰি আছে। ২৪০খনতকৈও অধিক গ্রন্থৰ লেখক জগতগুৰু ৰামভদ্রাচার্যই সংস্কৃত আৰু হিন্দীত দুখনকৈ মহাকাব্য ৰচনা কৰিছে। তুলসী দাস সন্দৰ্ভত দেশৰ শ্ৰেষ্ঠ বিশেষজ্ঞ হিচাপে বিবেচিত জগতগুৰু ৰামভদ্ৰাচাৰ্যক ২০১৫ চনত কেন্দ্ৰীয় চৰকাৰে পদ্মবিভূষণেৰে সন্মানিত কৰিছে। ইপিনে, উর্দু ভাষাৰ কবি, গীতিকাৰ, চলচ্চিত্ৰ পৰিচালক গুলজাৰে ১৯৩৪ চনত সম্পূৰণ সিং কাল্ট্রা হিচাপে জন্মগ্রহণ কৰি পিছলৈ তেওঁৰ ছদ্মনাম গুলজাৰ হিচাপে জনাজাত হৈ পৰে। হিন্দী চলচ্চিত্ৰ পৰিচালক, চিত্র নাট্যকাৰ, নাট্যকাৰ, কবি গুলজাৰে হিন্দী, উর্দু আৰু পঞ্জাবী ভাষাত সাহিত্য চর্চা কৰি আছে। ২০০২ চনত সাহিত্য একাডেমি বঁটা, ২০০৪ চনত কেন্দ্রীয় চৰকাৰে প্ৰদান কৰা পদ্মভূষণেৰে সন্মানিত গুলজাৰে ২০০৯ চনত ‘জয় হো’ গীতৰ বাবে অস্কাৰ বঁটা লাভ কৰে। অস্কাৰ বঁটাৰ উপৰি গ্রেমী বঁটাৰে সন্মানিত হৈছিল গুলজাৰ ৰচিত ‘জয় হো’।