গান্ধী জয়ন্তীৰ কথাৰে – ইকবাল হুছেইন

গান্ধী জয়ন্তীৰ কথাৰে

ইকবাল হুছেইন

২ অক্টোবৰ, গান্ধী জয়ন্তী। ১৮৬৯ চনৰ ২ অক্টোবৰত জন্মগ্ৰহণ কৰা মোহনদাস গান্ধীৰ জন্ম বাৰ্ষিকীত ভাৰতত গান্ধী জয়ন্তী উদযাপন কৰা এক অনুষ্ঠান। সমগ্ৰ দেশতে এই দিৱসটো সমান মৰ্যাদাৰে পালন কৰা হয়। পৰাধীনতাৰ গ্লানিৰ পৰা দেশক স্বাধীন কৰাত অনবদ্য অৱদান আগবঢ়োৱা সত্য, ন্যায়, সমতা, সমন্বয়-সম্প্ৰীতি তথা শান্তিৰ প্ৰতীক মহাত্মা গান্ধীৰ জন্ম যেনেদৰে দেশবাসীৰ বাবে উপহাৰ আছিল ঠিক তেনেদৰে গান্ধীজীৰ মৃত্যু আহিল দেশবাসীৰ বাবে অত্যন্ত বেদনাকাতৰ।

দেশ ৰত্ন বাপুজীৰ মৃত্যুত কেৱল দেশবাসীয়েই শোকাহত, মৰ্মাহত হোৱা নাছিল বৰং সমগ্ৰ বিশ্বতেই শোকৰ ছাঁ পৰিছিল, যেন এটা প্ৰজ্বলিত বন্তি পলকতে নিৰ্বাপিত হৈ গ’ল, এনেকুৱা এগছি বন্তি নিৰ্বাপিত হৈ গ’ল যিয়ে ভাৰতবৰ্ষৰ লগতে গোটেই বিশ্বত সত্য আৰু অহিংসাৰ পোহৰ বিলাই আলোকিত কৰিছিল, যিজন জাতিৰ পিতা মহাত্মা গান্ধীয়ে সমাজৰ পৰা সমূলঞ্চে হিংসা, ঘৃণা, নিন্দা, বিভেদ, বিদ্বেষ তথা অবিশ্বাসৰ বাতাবৰণ নাইকিয়া কৰি বিভিন্ন জাতি-ধৰ্মাৱলম্বী লোকক একতাৰ ডোলেৰে বান্ধি ৰাম ৰাজ্য গঠনৰ সপোন ৰচিছিল সেইজন জাতিৰ পিতা বাপুজীক দুৰ্বৃত্তই হত্যা কৰি যি বৰ্বৰতাৰ পৰিচয় দিলে সেয়া আজিওঁ দেশবাসীৰ লগতে বিশ্ব সমুদায়ে পাহৰিব পৰা নাই।

সেয়ে ৩০ জানুৱাৰীৰ দিনটো দেশবাসীৰ বাবে এটা দুৰ্ভাগ্যজনক, বেদনাকাতৰ আৰু কলা দিন হিচাপে চিহ্নিত হৈ ৰ’ব। কাৰণ এই দলটোৱে ভাৰতবাসীৰ অতিকৈ আপোন, হৃদয়ৰ স্পন্দন বাপুজীক কাঢ়ি নি ভাৰতবাসীৰ বুকু শুদা কৰিছে, কন্দুৱাইছে।

বাপুজীৰ মৃত্যুৰ দিনা সন্ধিয়া দেশবাসীৰ উদ্দেশ্য প্ৰচাৰিত অনাতাঁৰ ভাষণত সেই সময়ৰ প্ৰধান মন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ সেই হৃদয়স্পৰ্শী ভাষনৰ গাঁথা আজিও দেশবাসীয়ে পাহৰিব পৰা নাই। নেহৰুৰ আবেগবিহ্বল ভাষনত পৰিস্ফুট হৈছিল গান্ধীজীৰ বিৰহ বেদনা। এই যন্ত্ৰণা প্ৰতিজন ভাৰতীয়ই বুকুত লৈ ফুৰিছিল।

স্বাধীনতা আন্দোলনৰ এগৰাকী আগৰণুৱা কাণ্ডাৰী মহাত্মা গান্ধীৰ বিয়োগত দেশৰ কিমান ক্ষতি হ’ল সেয়া বহলাই নকলেও সকলোৱেই অবহিত। পিছে মহাত্মা গান্ধীৰ বিয়োগত হোৱা অপূৰণীয় ক্ষতি দেশবাসীয়ে এতিয়াও পূৰাব পাৰে, কেৱল তেঁওৰ সপোনবোৰ বাস্তৱায়িত কৰিলেই হ’ল। গান্ধীজীৰ নীতি-আদৰ্শৰে পৰিয়াল, সমাজ তথা ৰাষ্ট্ৰ পৰিচালিত হলে দেশ তথা দহৰ কল্যাণ হ’ব আৰু ইয়াতেই নিহিত হৈ আছে বাপুজীৰ সপোন, য’ত নাথাকিব হিংসা, বিভেদ, বৈষম্য আৰু অবিশ্বাসৰ ভাৱ। গতিকে গান্ধী জয়ন্তীৰ এই পৱিত্ৰ দিনটোৰ পৰাই আহক আমি প্ৰতিজন ভাৰতীয়ই ধৰ্ম, জাত-পাতৰ পৰিধি ভাঙি মহা মানৱ মহাত্মা গান্ধীৰ সপোনবোৰ বাস্তবায়ন কৰিবলৈ আহোপুৰুষাৰ্থ কৰোঁহি।