গাড়ী দুৰ্ঘটনাৰ সন্মুখীন ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলডিমিৰ জেলেনস্কি

Pc The Hindu

গাড়ী দুৰ্ঘটনাৰ সন্মুখীন ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলডিমিৰ জেলেনস্কি

ৰঙিলী বাৰ্ত্তাসেৱা-  ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলডিমিৰ জেলেনস্কিৰ বাহন দুৰ্ঘটনাত পতিত হয়। ৰাষ্ট্ৰপতিগৰাকীৰ মুখপাত্ৰই এই কথা সদৰি কৰে। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিৰ প্ৰশাসনৰ এজন প্ৰেছ সচিব চেৰ্গি নাইকিফৰভে এক চমু বিবৃতিত কয় যে ৰাজধানী কিয়েভত এখন যাত্ৰীবাহী বাহনে ৰাষ্ট্ৰপতিৰ বাহন আৰু তেওঁৰ এছক’ৰ্টৰ সৈতে সংঘৰ্ষত পতিত হয়। ৰাষ্ট্ৰপতি ভলডিমিৰক এজন চিকিৎসকে পৰীক্ষা কৰাৰ কথা জনোৱাৰ লগতে তেখেতে কোনো গুৰুত্বৰ আঘাত পোৱা নাই বুলি চেৰ্গি নাইকিফৰভে প্ৰকাশ কৰে। মটৰগাড়ীৰ সৈতে সংঘৰ্ষ হোৱা গাড়ীখনৰ চালকজনক ঘটনাস্থলীত চিকিৎসা কৰা হয় আৰু তেওঁক ততাতৈয়াকৈ এম্বুলেন্সত চিকিৎসালয়লৈ যোৱা হয় বুলি ইতিমধ্যে জানিব পৰা গৈছে।