“গাইগৰুৰ প্ৰসূতিজনিত ৰোগ আৰু গো পালকৰ কৰণীয়’ গ্ৰন্থ উন্মোচন

“গাইগৰুৰ প্ৰসূতিজনিত ৰোগ আৰু গো পালকৰ কৰণীয়’ গ্ৰন্থ উন্মোচন

ৰঙিলী বাৰ্ত্তাসেৱা-  মহানগৰীৰ খানাপাৰাস্থিত  পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ আলোচনা সভা কক্ষত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী সভাত মহাবিদ্যালয়ৰ পশু প্ৰজনন,স্ত্ৰীৰোগ আৰু প্ৰসূতি বিভাগৰ সহকাৰী অধ্যাপক ড° মনজ্যোতি ভূঞা,ড° লক্ষ্যজ্যোতি দত্ত,ডা° মান্না বাৰূৱতী, ৰাজু ডেকাই প্ৰণয়ন কৰা ‘গাইগৰুৰ প্ৰসূতিজনিত ৰোগ আৰু গো পালকৰ কৰণীয়’ শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰা হয়৷লেখক ড° মনজ্যোতি ভূঞাই আঁত ধৰা সভাত পৌৰোহিত্য কৰে বিজ্ঞান গুৰু ড° বিবেকানন্দ শইকীয়াই৷অসম পশুধন আৰু হাঁ কুকুৰা নিগমৰ অধ্যক্ষ মনোজ শইকীয়াই গ্ৰন্থখন উন্মোচন কৰে৷প্ৰাক্তন অধ্যাপক ড° কেশৱ চন্দ্ৰ নাথ আৰু ড° ভৰত চন্দ্ৰ ডেকাৰ নামত উচৰ্গিত গ্ৰন্থখনিত লেখকসকলে কৰ্মক্ষেত্ৰৰ অংশ হিচাপে অসমৰ চুকে কোনে গৰু ম’হৰ চিকিৎসা তথা সজাগতা শিবিৰসমূহৰ দ্বাৰা লাভ কৰা অভিজ্ঞতাৰে গাইগৰুৰ প্ৰজনন সম্বন্ধীয় বিভিন্ন তথ্যসমূহ নিজৰ মাতৃভাষাত এক উমৈহতীয়া প্ৰচেষ্টাৰ যোগেদি সন্নিবিষ্ট কৰিছে৷অসম কৃষি বিশ্ববিদ্যালয়ৰ সম্প্ৰসাৰণ শিক্ষা সঞ্চালকালয়ৰ সহযোগী সঞ্চালক ড° অতুল বৰগোহাঁই,যুটীয়া পঞ্জীয়ক ড° বীৰেন্দ্ৰ কুমাৰ শৰ্মা,পশু চিকিৎসালয় চৌহদৰ সঞ্চালক ড° ভূপেন শৰ্মা,পশু প্ৰজনন,স্ত্ৰী ৰোগ আৰু প্ৰসূতি বিভাগৰ মুৰব্বী অধ্যাপক ড° কুতুবুদ্দিন আহমেদ,প্ৰাক্তন অধ্যাপক ড° অৰুণ কুমাৰ শৰ্মা আদিয়ে লেখকসকলৰ পদক্ষেপৰ শলাগ লয়৷শলাগৰ শৰাই আগবঢ়াই সহকাৰী অধ্যাপিকা ড° লক্ষ্যজ্যোতি দত্তই৷