গাঁওৰ মানুহ – দীপামনি কামান গগৈ

PC - Freepik
গাঁওৰ মানুহ
দীপামনি কামান গগৈ, নগাঁও
আমি গাঁও ভালপোৱা মানুহ
পলসুৱা মাটিত সপোন দেখো
পথাৰৰ বোকা -পানী
শেৱালি ফুলা ৰাতি
সোণোৱালী হালধীয়া হাঁহি
এইবোৰেই আমাৰ চিনাকী।
আমি গাঁও ভালপোৱা মানুহ
নাজানো চহৰৰ গলিৰ ভিক্ষাৰীৰ ঠিকনা
ভাল নাপাওঁ তথাকথিত উচ্চ শিক্ষিতৰ
মিঠালগা চলাহী কথা
আমি উশাহ ল’ব নোৱাৰোঁ
চহৰৰ ওখ অট্ৰালিকা দেখি।
আমি গাঁও ভালপোৱা মানুহ
কামিহাড়ত ঘূণে ধৰিলেও
ছালত ৰ’দৰ জুইয়ে পুৰিলেও
মায়াময় নগৰৰ আলহীৰ দৰে
মিছা পোছাকী  শিক্ষা আৰু
মিছা অহংকাৰে
কেতিয়াও ধ্বংস নকৰোঁ
কাৰোবাৰ জীৱন অথৱা
জুখি জয়ী হ’ব নোখোজো
মন আৰু মগজু…!