গণেশ মন্দিৰ ইণ্ডোৰ ষ্টেডিয়াম খেলপথাৰত আয়োজিত অসম সমবায় মেলা ২০২৪ উদ্বোধন কৰিলে সমবায় বিভাগৰ মন্ত্ৰী নন্দিতা গৰ্লোচাই

গণেশ মন্দিৰ ইণ্ডোৰ ষ্টেডিয়াম খেলপথাৰত আয়োজিত অসম সমবায় মেলা ২০২৪ উদ্বোধন কৰিলে সমবায় বিভাগৰ মন্ত্ৰী নন্দিতা গৰ্লোচাই

সমবায় সমিতি সমূহক উদ্ভাৱণীমূলক চিন্তা চৰ্চ্চাৰে ব্যতিক্ৰমী সামগ্ৰী প্ৰস্তুত কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিবলৈ মন্ত্ৰী গৰ্লোচাৰ আহ্বান

গুৱাহাটী, ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্য চৰকাৰৰ সমবায় বিভাগৰ উদ্যোগত দ্বিতীয় বাৰৰ বাবে গুৱাহাটীৰ খানাপাৰাস্থিত গণেশ মন্দিৰ ইণ্ডোৰ ষ্টেডিয়াম খেলপথাৰত আয়োজিত অসম সমবায় মেলা ২০২৪ ৰ আজি আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে ৰাজ্য চৰকাৰৰ সমবায় বিভাগৰ মন্ত্ৰী নন্দিতা গৰ্লোচাই। এই উদ্বোধনী অনুষ্ঠানত সমবায় বিভাগৰ পঞ্জীয়ক নাৰায়ণ কোৱৰ, সমবায় বিভাগৰ সচিব ৰিতুৰাজ বৰা আৰু সমবায় বিভাগৰ যুটীয়া সচিব নৱজ্যোতি ওজাকে ধৰি বিভাগৰ বিভিন্ন উচ্চ পদস্থ বিষয়াসকল উপস্থিত থাকে। আজিৰে পৰা অহা ১১ জানুৱাৰীলৈ চলিবলগীয়া এই দ্বিতীয় বাৰ্ষিক সমবায় মেলাত অসম তথা গুজৰাট, ছিকিম, নাগালেণ্ডকে ধৰি বিভিন্ন ৰাজ্যৰ প্ৰায় শতাধিক সমবায় সমিতিয়ে অংশগ্ৰহণ কৰিছে। এই মেলাত সমবায় সমিতিসমূহৰ বিপণীত হস্ততাত শিল্প, কাহ-পিতল, বাঁহ-বেত, বিভিন্ন ধৰণৰ থলুৱা সাজ-পাৰৰ লগতে থলুৱা খাদ্য উপলব্ধ কৰা হৈছে। অসম সমবায় মেলা উদ্বোধন কৰি প্ৰদান কৰা ভাষণত সমবায় মন্ত্ৰী নন্দিতা গৰ্লোচাই কেন্দ্ৰীয় চৰকাৰৰ লগতে ৰাজ্য চৰকাৰে সমবায় সমিতি সমূহক প্ৰদান কৰা বিশেষ গুৰুত্বৰ বিষয়ে বিশদভাৱে উল্লেখ কৰে। তেওঁ লগতে সমবায় সমিতি সমূহক পাৰিপাৰ্শ্বিক অনুকুল সামগ্ৰী তথা উদ্ভাৱনীমূলক চিন্তা-চৰ্চ্চাৰে কিছু ব্যতিক্ৰমী পদক্ষেপ লবলৈ আহ্বান জনায় যাতে তেওঁলোকৰ দ্বাৰা উৎপাদিত সামগ্ৰীয়ে দেশীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিশেষভাৱে সমাদৰ লাভ কৰিব পাৰে। তেওঁ লগতে সমবায় সমিতিৰ দ্বাৰা উৎপাদিত সামগ্ৰীয়ে যাতে ভাল বজাৰ লাভ কৰিব পাৰে তাৰ ওপৰত চৰকাৰে গুৰুত্ব প্ৰদান কৰি আছে বুলিও কয়। সমবায় সমিতি সমূহৰ দ্বাৰা প্ৰস্তুত কৰা সামগ্ৰীয়ে যাতে ৰপ্তানিৰ সুবিধা লাভ কৰে তাৰ বাবে এখন জিলাত এক বিশেষ সামগ্ৰী প্ৰস্তুত কৰাৰ ওপৰতো তেওঁ গুৰুত্ব আৰোপ কৰে। অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰি সমবায় সমিতি সমূহৰ পঞ্জীয়ক নাৰায়ণ কোৱৰে সমবায় সমিতি সমূহলৈ ৰাজ্য চৰকাৰে প্ৰদান কৰা উদগণিমূলক পদক্ষেপৰ কথা সদৰি কৰে। এনে মেলাৰ জৰিয়তে সমবায় সমিতিৰ দ্বাৰা উৎপাদন কৰা সামগ্ৰীৰ প্ৰৰ্দশন আৰু বিপনণৰ এক বিশেষ মঞ্চ গঢ়ি উঠিব বুলিও তেওঁ আশা প্ৰকাশ  কৰে। উল্লেখ্য যে মেলাৰ বিভিন্ন কাৰ্য্যসূচীৰ লগতে স্কুল আৰু কলেজৰ ছাত্ৰ-ছাত্ৰীৰ মাজত কুইজ প্ৰতিযোগিতা, চিত্ৰাংকন প্ৰতিযোগিতা, দিহা নাম প্ৰতিযোগিতা, সমবায় ভিত্তিক আলোচনা চক্ৰ আৰু সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হৈছে।